ডিমৌত এনকেফেলাইটিছত ছাত্ৰীৰ মৃত্যু

ডিমৌত এনকেফেলাইটিছত ছাত্ৰীৰ মৃত্যু

author-image
asomiyapratidin
New Update
ডিমৌত এনকেফেলাইটিছত ছাত্ৰীৰ মৃত্যু

ডিজিটেল সংবাদ, ডিমৌঃ ডিমৌৰ ৰাইছাইত এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। ১০ বছৰীয়া ছাত্ৰীগৰাকী ডিমৌ কোঁৱৰ দিহিঙীয়া গাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল।

উল্লেখযোগ্য যে, এই অঞ্চলটোত এনকেফেলাইটিছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে যদিও, ৰাইজে স্বাস্থ্য বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

অঞ্চলটোত আৰু বহু সংখ্যক লোক এনকেফেলাইটিছৰ দৰে লক্ষণযুক্ত জ্বৰত আক্ৰান্ত হৈ থকাৰ পাছতো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে। এই ছাত্ৰীগৰাকীৰ মৃত্যুক গভীৰ শোক প্ৰকাশ কৰিছে অঞ্চলবাসীয়ে।