চিলাপথাৰ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি,এম এ চি'ৰ প্ৰাক্তন সদস্য,বিশিষ্ট সমাজ কৰ্মী অধীৰ পুৰকায়স্থৰ দেহাৱসান...

চিলাপথাৰ পৌৰ সভাৰ প্ৰাক্তন পৌৰপতি,এম এ চি'ৰ প্ৰাক্তন সদস্য,বিশিষ্ট সমাজ কৰ্মী অধীৰ পুৰকায়স্থৰ দেহাৱসান...

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ জোনাই সংযোগ পথ নিবাসী বিশিষ্ট ব্যক্তি অধীৰ পুৰকায়স্থৰ আৰু নাই। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত যোৱা নিশা নিজ বাসভৱনতে শেষ নিশ্বাস ত্যাগ কৰে। উল্লেখ্য যে প্ৰয়াত লোকজনে অঞ্চলটোৰ শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰখনত বৰেণ্য অৰিহনা আগবঢ়াইছিল থৈ গৈছে। একালত তেওঁ ভৈৰৱপুৰ নেতাজী এম ই স্কুলৰ প্ৰতিষ্ঠাপক শিক্ষক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পিছতেই স্থাপন কৰে চিলা জনজাতি হাইস্কুল। এই স্কুলতে বহু বছৰ পৰিচালনা সমিতিৰ সভাপতিৰ পদ অলংকৃত কৰে। সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টাৰ লগতে বিভিন্ন অনুষ্ঠান-দল আৰু সংগঠনৰ বিভিন্ন পদবীত কাৰ্যনিৰ্বাহ কৰি থৈ গৈছে।

পুৰকায়স্থই ১৯৯৭ চনত মহেশ দলেৰ নেতৃত্বাধীন মিচিং স্বায়ত্ত পৰিষদৰ সাধাৰন সদস্যৰ পদত কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পৰৱৰ্তীকালত ২০১০ চনত চিলাপথাৰ পৌৰ সভাৰ নিৰ্বাচনত বিজয়ী হৈ সভাপতি ৰুপে কাৰ্যনিৰ্বাহ কৰে। আমৃত্যু পৰ্যপ্ত কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান কৰ্মী হিচাপে দলৰ সেৱা আগবঢ়াই যোৱা বৰেণ্য সমাজ কৰ্মী জনৰ মৃত্যুত জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগু,এ পি চি চিৰ সম্পাদক ডাঃ হেম হৰি প্ৰসন্ন পেগু, চিচিবৰগাঁও ব্লক কংগ্ৰেছৰ সভাপতি প্ৰশান্ত চেতিয়া,এম এ চি'ৰ উপাধ্যক্ষ যজ্ঞেশ্বৰ কুটুম,সাধাৰণ সদস্য কনক দলে,প্ৰতাপ টায়ে,ইউটুপিয়ান একাডেমীৰ সঞ্চালক তথা প্ৰাক্তন আছু নেতা সিদ্ধাৰ্থ ফুকন,বৃহত্তৰ চিচিবৰগাঁও প্ৰেছ ক্লাৱৰ সভাপতি বনমালী মহন্ত আৰু ভাৰপ্ৰাপ্ত সম্পাদক সম্ভূ দাসে গভী,সদৌ অসম বাঙালি যুৱ ছাত্ৰ ফেডাৰেচন ধেমাজি জিলাৰ সভাপতি বিপ্লৱ দাস,ভাৰত নিখিল বংগ সাহিত্য সন্মিলনৰ চিলাপথাৰ শাখাৰ সভাপতি ৰোহিত ৰায় আৰু সম্পাদক সজল নাথ আদি বিভিন্ন সংগঠন আনুষ্ঠানৰ কৰ্মকৰ্তাই গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ মুক্তি কামণা কৰিছে। তেওঁৰ বিয়োগত মৰ্মাহত জোনাই ৰোড ব্যৱসায়ী সন্থাই দোকান পোহাৰ বন্ধ ৰাখি গভীৰ শোক প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in