প্ৰাক্তন অধ্যক্ষ ফৰিদুৰ জামান বৰাৰ মৃত্যু, মথুৰাপুৰত গভীৰ শোকৰ ছাঁ

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন অধ্যক্ষ ফৰিদুৰ জামান বৰাৰ মৃত্যু, মথুৰাপুৰত গভীৰ শোকৰ ছাঁ

ডিজিটেল সংবাদ,মথুৰাপুৰঃ মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফৰিদুৰ জামান বৰাৰ আজি পুৱতি নিশা চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে । মৃত্যু সময়ত তেওঁৰ বয়স হৈছিল ৭৪ বছৰ ৷ দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছিল ফৰিদুৰ জামান বৰা ।

Advertisment

তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰা লগে লগেই সমগ্ৰ অঞ্চলজুৰি ছাঁ পৰে গভীৰ শোকৰ ৷ প্ৰাক্তন অধ্যক্ষ গৰাকীৰ বিয়োগত মথুৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ উদযাপন সমিতিৰ হৈ শোক প্ৰকাশ কৰিছে সভাপতি আলিম আহমেদ তথা সম্পাদক অতুল ৰাজকোঁৱৰে ৷

assam mathurapur