New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/siv-sgr.jpg)
- আমগুৰিৰ দিখৌমুখৰ নকাটনীত ভয়ংকৰ দুৰ্ঘটনা।
- দিখৌ নৈত পৰিলগৈ এখন ছুইফট ডিজায়াৰ।
- ছুইফট ডিজায়াৰখনত আছিল একেটা পৰিয়ালৰ ৫জন লোক।
- ৫জনে প্ৰাণ হেৰুৱাই এই দুৰ্ঘটনাত।
- প্ৰাণ হেৰুৱা লোক কেইজন ক্ৰমে- হৰেণ বৰা (৫২), পণৌ বৰা (৮৬), ফুণু বৰা (৪৮), চিম্পী বৰা (২১) আৰু মুনমী বৰা।
- পৰিয়ালটোৰ ঘৰ আছিল গৌৰীসাগৰত।
- কৰ্মসূত্ৰে বসবাস কৰিছিল গুৱাহাটীৰ বেলতলাত ।
- নিয়ন্ত্ৰণ হেৰুৱাই দিখৌমুখত পৰিছিল ছুইফট ডিজায়াৰখন।
- এখন দলঙত উঠিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাইছিল গাড়ীখনে।
- গৌৰীসাগৰৰ ঘৰলৈ গৈ আছিল পৰিয়ালটো।
- বৰ্তমান অব্যাহত আছে উদ্ধাৰ অভিযান।
- এন ডি আৰ এফ বাহিনীয়ে চলাই আছে এই অভিযান।