/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/dekhow-update.jpg)
শিৱসাগৰত পথ দুৰ্ঘটনাই প্ৰাণ ললে গুৱাহাটীৰ একে পৰিয়ালৰ ৫ সদস্যৰ। আজি সন্ধিয়া প্ৰায় ৭ বজাত দিখৌমুখত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। এ এছ ০১ ডি কিউ ৯৭৮৮ নম্বৰৰ ছুইফট ডিজায়াৰখনেৰে আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটো।
মহানগৰীৰ বেলতলা অঞ্চলৰ ব্যৱসায়ী হৰেন বৰা(৫২)ই ৫ জনীয় পৰিয়ালসহ ছুইফট ডিজায়াৰখনেৰে শুকুৰবাৰে গুৱাহাটীৰ পৰা প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ নকটানী অঞ্চললৈ আহিছিল। এটা দিন ঘৰখনত কটাই আজি বিয়লিৰ ভাগত দিখৌমুখৰ ৰঘুবাৰী অঞ্চলৰ সম্পৰ্কীয় এঘৰলৈ বুলি ওলাই গৈছিল বৰা। লগত লৈ গৈছিল মাতৃ পুনৌ বৰা(৮৬), পত্নী ফুনু বৰা (৪৮), দুই কন্যা দিক্ষিতা বৰা (২১) আৰু নিক্ষিতা বৰা(১৭)ক। নিশা ১২বজালৈকে উদ্ধাৰ হোৱা নাই এটাও মৃতদেহ। বৰষুণৰ বাবে ব্যাহত হৈছে উদ্ধাৰ অভিযান।
নিশা ১২.০০ বজাতঃ এতিয়াও দুৰ্ঘটনাস্থলীত যথেষ্ট লোকৰ ভিৰ। ধাৰাসাৰ বৰষুণ অব্যাহত আছে। কোনো লোকৰ মৃতদেহ এই মুহূৰ্তলৈ উদ্ধাৰ হোৱা নাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/dekh-2-750x430.jpg)
নিশা ১১.৫৫ বজাতঃ মহানগৰীৰ পেৰেডাইজ হোটেলত কিছুদিনৰ পূৰ্বে সপৰিয়ালে এসাজ খোৱা সময়ত হৰেণ বৰাৰ পৰিয়াল-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/dekkh-1-475x430.jpg)
নিশা ১১.৫০ বজাতঃ দুৰ্ঘটনাস্থলীত এতিয়া ধাৰাসাৰ বৰষুণ। উদ্ধাৰ কাৰ্যত বাধা দিছে বৰষুণে।
নিশা ১১.৪৪ বজাতঃ দুৰ্ঘটনাত পতিত হোৱা হৰেণ বৰাৰ পৰিয়ালটো উঠি অহা ছুইফট ডিজায়াৰখনৰ নম্বৰ AS01-DQ-9788.।
নিশা ১১.৪০ বজাতঃ জয়ানগৰত হৰেণ বৰাৰ আছিল এখন সুলভ মূল্যৰ দোকান। হৰেণ বৰাৰ আন গৰাকী কন্যা মুনমী বৰা শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ বিজ্ঞান শাখাৰ ছাত্ৰী।
নিশা ১১.৪০ বজাতঃ পথ দুৰ্ঘটনাটোত নিহত পৰিয়ালটোৰ চাৰি সদস্য-
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/demow-beetwn-540x430.jpg)
নিশা ১১.৩৫ বজাতঃ গাড়ীখনত আছিল তেওঁলোকৰ কন্যা চিম্পী বৰা। চিম্পী আছিল নেৰিমৰ ছাত্ৰী।
নিশা ১১.৩০ বজাতঃ হৰেণ বৰা গাড়ী ব্যৱসায়ৰ সৈতে জড়িত আছিল। তেওঁৰ পত্নী আছিল আৰ্টফেড জাগৰণৰ কৰ্মচাৰী।
নিশা ১১.২৮ বজাতঃ দিখৌমুখত ইতিমধ্যে উপস্থিত হৈছেগৈ হৰেণ বৰাৰ পৰিয়ালৰ যথেষ্ট সংখ্যক আত্মীয় লোক। ঘটনাস্থলীত এক শোকাকুল পৰিবেশ। হিয়া ভগা কান্দোনত ভাগি পৰিছে আত্মীয়।
নিশা ১১.২৬ বজাতঃ এতিয়ালৈকে উদ্ধাৰ হোৱা নাই এজনৰো মৃতদেহ। চলি আছে উদ্ধাৰ অভিযান। এন ডি আৰ এফ আৰু স্থানীয় আৰক্ষীয়ে চলাইছে এই অভিযান। সহযোগ কৰিছে ৰাইজে।
নিশা ১১.২৫ বজাতঃ দিখৌমুখৰ নকাটনীত সংঘটিত পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ ৫ সদস্যৰ সলিল সমাধি।