ডেকা সত্ৰীয়া বুধিন মহন্তৰ মৃত্যুত শোকপ্ৰকাশ জিলা সত্ৰ মহাসভাৰ…

ডেকা সত্ৰীয়া বুধিন মহন্তৰ মৃত্যুত শোকপ্ৰকাশ জিলা সত্ৰ মহাসভাৰ…

author-image
asomiyapratidin
New Update
ডেকা সত্ৰীয়া বুধিন মহন্তৰ মৃত্যুত শোকপ্ৰকাশ জিলা সত্ৰ মহাসভাৰ…

ডিজিটেল সংবাদ, বটদ্ৰৱা : অসম সত্ৰ মহাসভাৰ অন্তৰ্গত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰতিস্থাপক সম্পাদক তথা এফলীয়াবড়ি কোটোহা চৰিপোতা সত্ৰৰ ডেকা সত্ৰীয়া বুধিন মহন্তৰ (৭০)ৰ সোমবাৰে পুৱা নিজা বাসগৃহত মৃত্যু হয়।

Advertisment

মহন্ত আজি কিছুদিন ধৰি মধুমেহ আৰু বৃক্কৰ  ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বেছৰকাৰী চিকিৎসালয়ত চিকিৎসা কৰি শেষত নিজ বাসগৃহত চিকিৎসা গ্ৰহণ কৰি আহিছিল যদিও আজি তেখেতে মৃত্যুক সাৱটি লয়। ডেকা সত্ৰীয়া, প্ৰাক্তন সম্পাদক গৰাকীৰ মৃত্যুৰ খবৰ বৃহত্তৰ অঞ্চলটোত বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত অগনন গুনমুগ্ধৰ উপস্থিতিৰ লগতে পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰতিনিধিও উপস্থিত হৈ তেখেতক শেষ শ্ৰদ্ধাঞ্জলি জনায় ।

তেখেতৰ মৃত্যুত পশ্চিম নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি তথা বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, কাৰ্যকৰী সভাপতি তথা ডেকা সত্ৰীয়া থগিত মহন্ত, উপ- সভাপতি কুশ বৰদলৈ, প্ৰমথেশ দেৱগোস্বামী, অৰূপ কুমাৰ গোস্বামী, সুৰেশ মহন্ত , সম্পাদক মাণিক বৰাৰ লগতে মধ্য আঞ্চলিক সত্ৰ মহাসভাৰ সভাপতি তথা সত্ৰাধিকাৰ লাৰুধন গোস্বামী সম্পাদক মনোজ কুমাৰ মহন্তৰ লগতে অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক কুসুম কুমাৰ মহন্ত, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সত্ৰাধিকাৰ দ্বয় দুগ্ধদেৱ গোস্বামী, পৰমানন্দ দেৱগোস্বামী , উপদেষ্টা হেমচন্দ্ৰ তামুলী আৰু দিবাকৰ মহন্তই শোকপ্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰি জিলা সত্ৰ মহাসভাই এক শোক প্ৰস্তাৱ প্ৰেৰণ কৰে।