
চতিয়াত এটা হৰিণা পহুৰ মৃতদেহ উদ্ধাৰ৷
চতিয়াৰ শলাল- পহুছোৱাৰ বগৰীআটিত স্থানীয় যুৱকে প্ৰত্যক্ষ কৰে মৃত পহুটো ৷
পহুটো প্ৰায় তিনি-চাৰি দিন মানৰ আগতেই স্বাভাৱিক মৃত্যু হোৱাৰ সন্দেহ বনবিভাগৰ লগতে চিকিৎসকৰ দলৰ৷
বনবিভাগে পশু চিকিৎসকৰ সহায়ত মৰনোত্তৰ পৰীক্ষা কৰি পহুটোৰ মৃতদেহটো সমাধিৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷
কাজিৰঙা ষষ্ঠ সংযোজনৰ সমীপৱৰ্তী অঞ্চলত এইদৰে বিভিন্ন বন্যপ্ৰাণী বিচৰণ কৰে ।
পহুটোও খাদ্যৰ সন্ধানত অহাৰ সন্দেহ বন বিভাগৰলোকৰ ৷