এনেকুৱা নহয় যে, মোৰ জীৱনত বিশেষ ব্যক্তি নাই, তেওঁ মোৰ সম্পৰ্কীয় ভাতৃ !

এনেকুৱা নহয় যে, মোৰ জীৱনত বিশেষ ব্যক্তি নাই, তেওঁ মোৰ সম্পৰ্কীয় ভাতৃ !

author-image
Asomiya Pratidin
New Update
এনেকুৱা নহয় যে, মোৰ জীৱনত বিশেষ ব্যক্তি নাই, তেওঁ মোৰ সম্পৰ্কীয় ভাতৃ !

এনেকুৱা নহয় যে, মোৰ জীৱনত বিশেষ ব্যক্তি নাই, তেওঁ মোৰ সম্পৰ্কীয় ভাতৃ !

ডিজিটেল ডেস্কঃ ''এনেকুৱা কথা নহয় যে, মোৰ জীৱনত কোনো বিশেষ ব্যক্তি নাই। আছে। কিন্তু সব কথাটো ক'ব নোৱাৰি।''- জনপ্ৰিয় কণ্ঠশিল্পী, অভেনেত্ৰী দীপলিনা ডেকাই এইদৰেই ক'লে তেওঁৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকীৰ কথা।

Advertisment

সৌন্দৰ্য, সুৰীয়া কণ্ঠ, অভিনয় আৰু নিজস্ব ব্যৱহাৰেৰে ৰাজ্যৰ লাখ লাখ অনুৰাগীৰ আপোন হৈ পৰা দীপলিনা ডেকাক লৈ সামাজিক মাধ্যমত চৰ্চাৰ শেষ নাই। দীপলিনাৰ সৌন্দৰ্য আৰু সংগীতক লৈ নিতৌ ন ন চৰ্চা।

তাৰ মাজতে সদায় চৰ্চাৰ শীৰ্ষত থকা এটা বিষয় অথবা প্ৰশ্ন- দীপলিনাৰ জীৱনত থকা বিশেষ ব্যক্তিগৰাকী কোন? কেতিয়াবা যদি কোনো ছাত্ৰ সংগঠনৰ নেতাক দীপলিনা ডেকাৰ সেই বিশেষ মানুহজন বুলি উল্লেখ কৰি সামাজিক মাধ্যমত চৰ্চা হৈছে আন কেতিয়াবা আকৌ কোনোবা ৰাজনৈতিক দলৰ নেতা। অৱশ্যে এই বিষয়ত দীপলিনা ডেকাই কোনোধৰণৰ আনুষ্ঠানিক মন্তব্য কৰা নাই। এয়া সামাজিক মাধ্যমৰ তৰল চৰ্চাহে।

শেহতীয়াকৈ বিশ্বনাথত অনুষ্ঠিত এক অনুষ্ঠানত লাখ লাখ অনুৰাগীৰ নয়ণৰমণি স্বৰূপ দীপলিনাই তেওঁৰ জীৱনৰ বিশেষ মানুহজনক লৈ মুখ খুলিছে। অনুৰাগীৰ এক প্ৰশ্নৰ উত্তৰত দীপলিনাই ক'লে- ''এনেকুৱা কথা নহয় যে মোৰো জীৱনত কোনো বিশেষ ব্যক্তি নাই। আছে। কিন্তু সব কথাটো ক'ব নোৱাৰি।''

সকলো মানুহৰে জীৱনত থাকে এনে এগৰাকী ব্যক্তি, যাৰ আগত সকলো কথাই শ্বেয়াৰ কৰিব পাৰি। আপোনাৰ জীৱনত তেনে কোন বিশেষ ব্যক্তি আছে নেকি বুলি অনুৰাগীয়ে কৰা এক প্ৰশ্নৰ উত্তৰত দীপলিনাই ক'লে এনেদৰে। ধেমালিৰ চলেৰে দীপলিনাই প্ৰশ্নটোৰ ইংগিত কোনফালে গৈছে সেয়া বুজিব পাৰিছে বুলি উল্লেখ কৰি এফালৰ পৰা কৈ গ'ল শৈশৱৰ উৎপত্তিয়া স্বভাৱ, অকলে গৈ চিনেমা চোৱা কথাবোৰ।

অৱশ্যে তাৰ মাজতে দীপলিনাই ক'লে তেওঁৰ সেই বিশেষ মানুহজন কোন। প্ৰসংগক্ৰমে দীপলিনাই ৰাজহুৱাকৈ ক'লে- মোৰ লগত সকলো সময়তে থকা ব্যক্তিজন মোৰ সম্পৰ্কীয় ভাতৃ। প্ৰফেছনেলী তেওঁ মোৰ মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি প্ৰতিটো দিশৰে যত্ন লয়।

তেওঁ মোৰ লগত থাকিলে মোৰ মা, দেউতাও নিশ্চিন্ত থাকে। মোৰ সুখ, দুখ সকলোতে মোৰ কাষত থাকে। সকলো কথাই শ্বেয়াৰ কৰিব পৰা সেই বিশেষ ব্যক্তিজনেই হ'ল কমল পৰাণ।

হয় দীপলিনা ডেকাৰ জীৱনত থকা সেই বিশেষ ব্যক্তিজন কমল পৰাণ। সম্পৰ্কীয় ভাতৃ। যিয়ে দীপলিনাক সকলো সময়তে সুৰক্ষা দি অহাৰ লগতে প্ৰতিটো দিশ চোৱাচিতা কৰি আহিছে। প্ৰতিখন মঞ্চত, প্ৰতিটো অনুষ্ঠানত দীপলিনা ডেকাৰ ছাঁয়া হৈ থকা যুৱকজন।

ক্লিক কৰি পঢ়কঃ কামাখ্যাত স্বামী বিবেকানন্দ থকা ঘৰটোৰ সন্ধানত...

দীপলিনা ডেকা দীপলিনা