নামৰূপ সাৰ কাৰখানাৰ পৰা সাৰ কঢ়িওৱা  ৰেল আলিৰ তলত গভীৰ সুৰংগ…

নামৰূপ সাৰ কাৰখানাৰ পৰা সাৰ কঢ়িওৱা  ৰেল আলিৰ তলত গভীৰ সুৰংগ…

author-image
asomiyapratidin
New Update
নামৰূপ সাৰ কাৰখানাৰ পৰা সাৰ কঢ়িওৱা  ৰেল আলিৰ তলত গভীৰ সুৰংগ…

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰ কৰ্পৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এলৰ পৰা  ইউৰিয়া  কঢ়িয়াই নিয়া ৰেল লাইনৰ তলত আজি এটা বৃহৎ সুৰংগ উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য মতে আজি দুপৰীয়া নগা দলং এলেকাৰ এগৰাকী  বাটৰুৱাই  ৰেল পথৰ ওপৰেৰে খোজকাঢ়ি গৈথকাৰ সময়তে সুৰংগ সদৃশ  প্ৰায় আঢ়ৈ ফুট বহল দীঘল এটা গাঁত প্রত্যক্ষ কৰে।

Advertisment

ঘটনাস্থলীত সমবেত হোৱা লোকৰ সহায়ত ৰাইজে ঘটনা সন্দৰ্ভত উদ্যোগ কতৃপক্ষক অৱগত কৰে।   উদ্যোগটোৰ বিষয়াসকলে ক্ৰমে সুৰংগটো প্ৰত্যক্ষ কৰিছে যদিও  ইয়াৰ উৱাদিহ বিচাৰি পোৱা নাই । সুৰংগটোৰ ভিতৰখন ফোঁপোলা হোৱাৰ বাবে গাঁতটোৰ মাটিখহি ই ক্ৰমে বহল হৈ যাবলৈ ধৰিছে।

গাঁতটোৰ পৰা নিৰ্গত হোৱা এমনিয়াৰ গোন্ধই এলেকাটো প্ৰদূষিত কৰিছে ।লক্ষণীয় হে উদ্যোগটোৰ কাৰখানাৰ ৰেল গেটৰ পৰা প্ৰায় পোন্ধৰ মিটাৰ দূৰত্বত ৰেল আলিৰ মাজতে গাতটো সৃষ্টি হোৱাৰ বাবে  গাঁত টোৰ উৎস বিচাৰি বন্ধ নকৰা পৰ্যন্ত উদ্যোগটোৰ ৰেল যোগে সাৰ সৰবৰাহ বন্ধ হৈ পৰিব ই নিশ্চিত।

ক্লিক কৰি পঢ়কঃ অসম বিশ্ববিদ্যালয়ৰ পৰা নগাঁৱৰ প্ৰণামী শৰ্মাই লাভ কৰিলে সোনৰ পদক…