/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/31993b3c-9853-4c07-a766-5d8920d60297/agranii.jpg)
MERAPANI
ডিজিটেল ডেস্কঃ পূৰ্বৰ বৰ্ষৰ দৰেই এইবাৰো বন্দিতা বৰা স্মাৰক ন্যাসে আয়োজন কৰিছে পঞ্চম বাৰ্ষিক বন্দিতা বৰা সোঁৱৰণি আন্তঃবিদ্যালয় তৰ্ক প্ৰতিযোগিতা। ৫ নবেম্বৰত উজান বজাৰস্থিত শ্ৰী বিবেকানন্দ কলাকেন্দ্ৰত অনুষ্ঠিত হ'ব তৰ্ক প্ৰতিযোগিতাখন। নিজৰ চমু জীৱনত সকলো ক্ষেত্ৰতেই প্ৰভাৱ সাঁচি যোৱা তাৰ্কিক বন্দিতা বৰালৈ শ্ৰদ্ধাৰ চিন স্বৰূপে আয়োজন কৰা হৈছে এই তৰ্ক প্ৰতিযোগিতা।
'মাতৃভাষা মাধ্যমৰ সাহিত্য আৰু সংস্কৃতিৰ বিকাশত ইংৰাজী মাধ্যমৰ বিদ্যালয়ে বাধা হৈ থিয় দিছে' শীৰ্ষক বিষয়ত অনুষ্ঠিত হ'ব এইবাৰৰ তৰ্ক প্ৰতিযোগিতা। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিকে লাভ কৰিব প্ৰমাণপত্ৰ, ট্ৰফীৰ সৈতে নগদ ৭,০০০ টকা। দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকে লাভ কৰিব প্ৰমাণপত্ৰ, ট্ৰফীসহ নগদ ৫০০০ আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকে লাভ কৰিব প্ৰমাণপত্ৰ, ট্ৰফীসহ নগদ ৩০০০ টকা। প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ দললৈ আগবঢ়োৱা হ'ব প্ৰমাণপত্ৰ, ট্ৰফীসহ ৫,০০০ টকাৰ পুৰস্কাৰ। ঠিক সেইদৰে দ্বিতীয় শ্ৰেষ্ঠ দললৈ আগবঢ়োৱা হ'ব প্ৰমাণপত্ৰ, ট্ৰফীসহ ৩,০০০ টকাৰ পুৰস্কাৰ।
প্ৰতিযোগিতাখনত নৱম পৰা দ্বাদশ শ্ৰেণীলৈ অধ্যয়নৰত ৰাজ্যৰ সকলো প্ৰান্তৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ কামনা কৰিছে বন্দিতা বৰা স্মাৰক ন্যাসে। সবিশেষ জানিবলৈ প্ৰতিযোগীসকলে dipsroks@gmail.com লৈ মেইল কৰিব পাৰিব। লগতে ৯৮৫৪৯-৯৩৪১৮ আৰু ৯৩৬৫২-২২৬০৮ নম্বৰত যোগাযোগ কৰিব পাৰিব।
Also Read: প্ৰেম এতিয়া বিপ্লৱ!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us