৬৪ মাহ ধৰি নাই দৰমহা, চিকিৎসাৰ খৰচ বহনত ব্যৰ্থ কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যু…

৬৪ মাহ ধৰি নাই দৰমহা, চিকিৎসাৰ খৰচ বহনত ব্যৰ্থ কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যু…

author-image
asomiyapratidin
New Update
৬৪ মাহ ধৰি নাই দৰমহা, চিকিৎসাৰ খৰচ বহনত ব্যৰ্থ কাছাৰ পেপাৰ মিলৰ কৰ্মচাৰীৰ মৃত্যু…

ডিজিটেল ডেস্ক: কৰিমগঞ্জৰ বদৰপুৰ ঘাটৰ বাসিন্দা কাছাৰ পেপাৰ মিলৰ এগৰাকী কৰ্মচাৰী  হিফজুৰ ৰহমান মাত্ৰ ৫৪ বছৰ বয়সতে ৫ জুনত সন্ধিয়া প্ৰায় ৭ মান বজাত মৃত্যু মুখত পৰে।

উল্লেখ্য যে, ৰহমানে ডায়েবেটিচত ৰোগত ভুগি আছিল কিন্তু দৰমহা নোপোৱাৰ বাবে বিত্তীয় সংকটত ভুগি আছিল যাৰ বাবে চিকিৎসা বহন কৰাত ব্যৰ্থ হৈছিল । প্ৰায় দুদিন পূৰ্বে তেওঁ জ্বৰ আৰু অন্যান্য কিছুমান সমস্যাত ভুগাৰ বাবে শিলচৰৰ এখন নাৰ্চিং হোমলৈ প্ৰেৰণ কৰা হয়  য'ত দেওবাৰে তেওঁৰ মৃত্যু হয়। ধৰ্মীয় ৰীতি-নীতি অনুসৰি আজি তেওঁৰ জানাজা সম্পন্ন হ'ব।

এইচপিচি, অসমৰ কাগজ কলৰ প্ৰতিজন কৰ্মীয়ে অসহনীয় কষ্ট,  মানসিক চাপ, বিত্তীয় সংকটত ভুগি আহিছে। আনহাতে বিগচ প্ৰায়  ৬৪ মাহ ধৰি চৰকাৰে দৰমহা পৰিশোধ নকৰাত তেওঁলোকৰ অৱস্থা অধিক বেয়া হৈ পৰিছে।

 আনহাতে অসম চৰকাৰে কৰ্মচাৰী সকলৰ বাবে পেকেজ মুকলি কৰাৰ কথা কৈছিল যদিও আজিলৈকে পেকেজ মুকলি হোৱা নাই।  

উল্লেখ্য যে, এইচ পি চি পেপাৰ মিল, অসমৰ বৰ্তমানলৈ ১০৪ জন কৰ্মচাৰীয়ে প্ৰাণ হেৰুৱাইছে আৰু ইয়াৰে ৪ গৰাকীয়ে আত্মহত্যা কৰিছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসন কালত ১৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। ভাৰতৰ চৰকাৰৰ এই কোম্পানী সমূহ এতিয়া  মৃত্যুৰ উপত্যকালৈ পৰিণত হৈছে।

আৰু পঢ়ক: বটদ্ৰৱাত প্ৰকৃতিপ্ৰেমীৰ তৎপৰতাত উদ্ধাৰ দুস্প্ৰাপ্য প্ৰজাতিৰ ঈগল চৰাই…

assam cachar paper mills