দু:সাহসিক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ...

দুচকুত অযুত সপোন বান্ধি উত্তৰাখণ্ডত পৰ্বতাৰোহৰণৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল অসমৰ দীপশিখা হাজৰিকা
dipsikha hazarika
dipsikha hazarika

ডিজিটেল ডেস্ক : দু:সাহসিক ক্ৰীড়াৰ প্ৰতি অতি আগ্ৰহী অসমৰ দীপশিখা হাজৰিকাই দুচকুত অযুত সপোন বান্ধি উত্তৰাখণ্ডত পৰ্বতাৰোহৰণৰ প্ৰশিক্ষণ ল'বলৈ গৈছিল। পৰ্বতাৰোহণৰ এডভাঞ্চ পাঠ্যক্ৰমৰ বাবে উত্তৰকাশীত থকা নেহেৰু ইনষ্টিটিউট অফ মাউণ্টেনিয়াৰিং চমুকৈ এন আই এমত নামভৰ্তি কৰিছিল দ্বীপশিখাই।

জীনৱৰ পণ হিচাপে দীপশিখাই বাছি লৈছিল পৰ্বতাৰোহণকেই। কিন্তু পৰ্বতাৰোহণেই যেন কাল হ'ল দীপশিখাৰ। হঠাৎ আহিল এটা অতি দুখৰ খবৰ। পৰ্বতাৰোহণৰ প্ৰশিক্ষণ লৈ থকাৰ সময়তে হঠাৎ হোৱা হিমস্খলনৰ ফলত সন্ধানহীন হৈছিল অসম দীপশিখাৰ লগতে ৩৩ গৰাকী প্ৰশিক্ষাৰ্থী আৰু ৭ গৰাকী প্ৰশিক্ষক।

হিমস্খলনৰ ঘটনা সংঘটিত হোৱাৰ ৩ দিনৰ পাছত সন্ধান ওলাল অসমৰ দীপশিখাৰ। শুকুৰবাৰেও এটা উদ্ধাৰকাৰী দলে বহুকেইটা মৃতদেহ উদ্ধাৰ কৰিছিল। শনিবাৰে উদ্ধাৰ অভিযান চলোৱাৰ পাছত সন্ধান ওলাল অসমৰ দীপশিখা হাজৰিকাৰ।

২৮ বছৰীয়া দীপশিখা হাজৰিকাই চানমাৰিস্থিত অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চিভিলত ডিপ্লমা লৈ বেংগালুৰুত ইঞ্জিনিয়াৰিঙৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল। পৰ্বতাৰোহণ, ৰাফটিং আদি দুঃসাহসিক ক্ৰীড়াৰ সৈতে জড়িত আছিল দীপশিখা। অসম পৰ্বতাৰোহণ সন্থাৰো প্ৰাক্তন সদস্য আছিল দীপশিখা।

যোৱা ১৪ ছেপ্টেম্বৰত দীপশিখাই ঘৰৰ পৰা এডভাঞ্চ প্ৰশিক্ষণৰ বাবে উত্তৰকাশীলৈ ৰাওনা হৈছিল। দীপশিখাৰ পিতৃৰ নাম গোলাপ হাজৰিকা। তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যলয়ত কৰ্মৰত। উল্লেখ্য যে ২৩ ছেপ্টেম্বৰত এই প্ৰশিক্ষণৰত দলটো হিমস্খলন সংঘটি হোৱা পৰ্বতলৈ ৰাওনা হৈছিল।

২৫ ছেপ্টেম্বৰত তেওঁলোক বেচ কেম্পত আশ্ৰয় লৈ ৪ অক্টোবৰত দোৰকানি গ্লেছিয়াৰৰ দ্ৰৌপদী কী দাণ্ডা শৃংগলৈ গৈছিল। সুকলমে দলটোৱে শৃংগত আৰোহণ কৰি উভতাৰ পথত পুৱা প্ৰায় ৮.৪৫ বজাত এই হিমস্খলনৰ সন্মুখীন হয়।

উল্লেখ্য যে ১১ অক্টোবৰলৈকে আছিল এই এডভাঞ্চ প্ৰশিক্ষণৰ কাৰ্যসূচী। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানটো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল উদ্ধাৰকাৰী দলটোৰ। কিন্তু বহু চেষ্টাৰ অন্তত শুকুৰবাৰে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে। আনহাতে শনিবাৰেও ৮ জন পৰ্বতাৰোহণ প্ৰশিক্ষণকাৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

দীপশিখাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত অসমলৈ অনা হ'ব। ইতিমধ্যে দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ উপস্থিত হৈছে উত্তৰাখণ্ডত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in