আৰক্ষীৰ দাবী; ভিক্টৰ দাসৰ অভিযোগৰ কোনো ভিত্তি নাই

ভিক্টৰ দাসক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ দাবী ভিক্টৰ দাসৰ অভিযোগৰ ভিত্তি নাই।

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ দাবী; ভিক্টৰ দাসৰ অভিযোগৰ কোনো ভিত্তি নাই

victor das

ডিজিটেল ডেস্ক: ভিক্টৰ দাসক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ দাবী ভিক্টৰ দাসৰ অভিযোগৰ ভিত্তি নাই।

ডিচিপি দিগন্ত চৌধুৰীয়ে কয় যে শনিবাৰে ভিক্টৰ দাসে উল্লেখ কৰা বাইকৰ নম্বৰ ভুল।
অম্লানজ্যোতিয়ে আৰক্ষীক দিয়া নম্বৰৰ অনুসন্ধান চলাই থকা হৈছে।

ভিক্টৰৰ বিৰুদ্ধে আৰক্ষীয়ে আৰোপ কৰা ধাৰৰ যুক্তি আছে বুলিও কয় চৌধুৰীয়ে। লগতে কয় যে উত্তেজনা সৃষ্টি কৰা বক্তব্যৰ বিৰুদ্ধেও ধাৰা 153(A) প্রযোজ্য কৰা হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে।

উল্লেখ্য যে, ভিক্টৰ দাসে অভিযোগ উত্থাপন কৰি কৈছিল যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ক্ষেত্ৰত টকাৰ লেন দেন হৈছে। তাৰ পাছতেই এই বিষটোৰ ওপৰত বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ভিক্টৰ দাসক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

assam Assam police