হাজোৰ বিধস্ত পথ পৰিদৰ্শন কামৰূপ জিলাৰ উপায়ুক্তৰ

হাজোৰ বিধস্ত পথ পৰিদৰ্শন কামৰূপ জিলাৰ উপায়ুক্তৰ

author-image
Asomiya Pratidin
New Update
হাজোৰ বিধস্ত পথ পৰিদৰ্শন কামৰূপ জিলাৰ উপায়ুক্তৰ

ডিজিটেল সংবাদ, হাজোঃ দীৰ্ঘসময় ধৰি জৰাজীৰ্ণ হৈ থকা হাজো-গুৱাহাটী পথৰ কুলহাটী দমদমা চকত কামৰূপ জিলাৰ আয়ুক্ত কীৰ্ঠি জল্লী উপস্থিত হৈ পথচোৱাৰ মেৰামতিৰ কমদিনৰ ভিতৰত সম্পন্ন হ'ব বুলি ৰাইজক আশ্বাস দিয়ে। আয়ুক্তগৰাকীয়ে পথচোৱা পৰ্যবেক্ষণ কৰি পথৰ কাষত থকা পুৰণি পকীনলাসমূহ জৰাজীৰ্ণ হৈ বন্ধ হৈ পৰাত পথৰ ওপৰৰে পানী বাগৰাৰ ফলত পথচোৱাৰ অৱস্থা শোচনীয় হৈ পৰিছে জানিবলৈ দিয়ে।

Advertisment

আনকি পথৰ কাষৰ পকীনলা বন্ধ কৰি দোকান, ঘৰ নিৰ্মাণ কৰাৰ দৃশ্য প্ৰত্যক্ষ কৰি শাৰদীয় দূৰ্গা পূজাৰ পিছত এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে কীৰ্ঠি জল্লীয়ে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি পথচোৱা জৰাজীৰ্ণ হৈ পৰাত কিছুদিন পূৰ্বে স্থানীয় ৰাইজে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ইফালে চাংসাৰীত টলগেট থকাৰ পৰিপ্ৰেক্ষিতত হাজো-গুৱাহাটী পথত যানযঁটৰ সমস্যা যথেষ্ট বৃদ্ধি হৈছে। ইফালে হাজো হাস্পাতালৰ সন্মুখৰ পথচোৱাও অতি কমদিনৰ ভিতৰত মেৰামতি কৰা হ'ব বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ অধীনত দমাদমা-কুলহাটী চকত পথৰ মেৰামতিৰ কাম আৰম্ভ হৈছে।

Also Read: হাংজৌত সৃষ্টি নতুন অভিলেখ...

DC Kamrup