ওদালগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ ব্যাপক আয়োজন

ওদালগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ ব্যাপক আয়োজন

ডিজিটেল সংবাদ, ওদালগুৰিঃ প্ৰতি বছৰৰ দৰে এইবাৰো শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱটি বৰপেটা সত্ৰৰ পৰম্পৰা অনুসৰি অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰিৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সত্ৰ প্ৰাঙ্গনত উদযাপন কৰিবলৈ আয়োজন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ২৪ মাৰ্চৰ পুৱা ৫ বজাত নিত্য প্ৰসঙ্গ পৰিচালনা কৰিব শ্ৰীমন্ত শংকৰদেৱ সত্ৰৰ ভকতবৃন্দই। সন্ধিয়া ৬-৩০ বজাত শ্ৰীশ্ৰীকৃষ্ণৰ দৌল যাত্ৰা (গন্ধ উৎসৱ)ৰ শুভাৰম্ভ। গন্ধোৎসৱ উপলক্ষে পৰম্পৰাগত ভাৱে বৰপেটাৰ আতচবাজী প্ৰদৰ্শনীৰ শুভাৰম্ভ কৰিব বি‌‌‌‌টিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে। ৭-৩০ বজাত মেজি প্ৰজ্বলন কৰিব বিমল ভকতে।

ইয়াৰ পিছতেই শ্ৰীশ্ৰীকৃষ্ণ গোসাইঁক দৌলত আৰোহন কৰোৱা হ'ব। সন্ধিয়া ৮ বজাত মঞ্চ উদ্বোধন কৰিব সাংসদ দিলীপ শইকীয়াই, ৮-৩০ বজাত সঙ্গীত নাটক অকাডেমী বটাঁপ্ৰাপক গুণীন্দ্ৰ নাথ ওজাক সম্বৰ্দ্ধনা, ৮-৪৫ বজাত হোলীগীতৰ পুথি উন্মোচন কৰিব গুণীন্দ্ৰ নাথ ওজাই, নিশা ৯বজাত আমন্ত্ৰিত শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব।

২৫ মাৰ্চৰ পুৱা ৭ বজাত নিত্য প্ৰসঙ্গ, পুৱা ১০বজাত খেল-ধেমালি প্ৰতিযোগিতা পৰিচালনা কৰিব টাউন স্পৰ্টচ ক্লাবে। বিয়লি ৩ বজাত মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰ(ৰাখাল ঘৰ)ৰ পৰা আৰম্ভ হ'ব বাটৰহোলী প্ৰতিযোগিতা। উক্ত বাটৰ হোলীগীত প্ৰতিযোগিতা উদ্বোধন কৰিব বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকিব বিটিচিৰ কাৰ্যবাহী সদস্য ড° নিলুট স্বৰ্গীয়াৰী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰাকেশ বড়ো আৰু জেষ্ঠ্য নাগৰিক নৰেশ্বৰ ডেকা। সন্ধিয়া ৭ বজাত মঞ্চ উদ্বোধন কৰিব প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ৭-৩০বজাত সম্বৰ্দ্ধনা অনুষ্ঠান আৰু নিশা ৮ বজাত মঞ্চত হোলীগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ২৬ মাৰ্চত সুঁৱেৰী (হোলী উৎসৱ), আবেলি ২ বজাত ঘুনুচা যাত্ৰা অনুষ্ঠিত হ'ব।

এই যাত্ৰা শ্ৰীমন্ত শংকৰদেৱ সত্ৰ ওদালগুৰিৰ পৰা যাত্ৰা আৰম্ভ কৰি মধ্য ওদালগুৰি ৰাজহুৱা ( ৰাখাল) নামঘৰলৈ তাৰ পিছত পুনৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰলৈ প্ৰত্যাৱৰ্ত্তন কৰা হ'ব। আবেলি ৪ বজাত বাঁহভঙা প্ৰদৰ্শন আৰু আবেলি ৫ বজাত শ্ৰীকৃষ্ণ গোসাঁই গৃহ ( মণিকূট)ত প্ৰবেশেৰে দৌল উৎসৱৰ সামৰণি পৰিব। উক্ত সকলো কাৰ্যসূচীতে উপস্থিত থাকি কাৰ্যসূচী সফল কৰি তুলিবলৈ সত্ৰ পৰিচালনা সমিতি আৰু দৌল মহোৎসৱ উদযাপন সমিতিয়ে আহ্বান জনাইছে।

ওদালগুৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল মহোৎসৱৰ ব্যাপক আয়োজন
অবড়ো সুৰক্ষা সমিতি বিটিএডি অসমৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in