উদুলি-মুদুলি মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ

উদুলি-মুদুলি মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ

author-image
asomiyapratidin
New Update
উদুলি-মুদুলি মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ

ডিজিটেল ডেস্কঃ দেওবাৰে সমগ্ৰ অসমত পালন কৰা হয় শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। সৌদিশে আনন্দময় পৰিৱেশ। কৃষ্ণৰ বন্দনাৰে মুখৰিত অসমৰ বিভিন্ন সত্ৰ-মন্দিৰ। উত্তৰ কামৰূপৰ ঐতিহাসিক মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত দেওবাৰে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰিছে।অতি আড়ম্বৰপূৰ্ণভাৱে তথা সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে উদযাপন কৰা হয় এই দৌল উৎসৱ।

Advertisment

দেওবাৰে ৰাতিপুৱাৰে পৰা মহাপ্ৰভু শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তৰ সমাগম ঘটে। প্ৰভুবন্দনাৰ সমানে সমানে ভোজনালয়,ৰন্ধনশালাতো এক উৎসৱ মুখ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়।