/asomiyapratidin/media/media_files/2025/03/25/3aDNrd6Kp2EXm365ghYY.jpg)
ডিজিটেল সংবাদ মঙলদৈঃ সমাগত ৰঙালী বিহু। ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যজুৰি বিহুক কেন্দ্ৰ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজনৰ বাবে সাজু হৈছে বিহু সমিতিসমূহ।
যোৱা কিছু বছৰৰ পৰা অসম চৰকাৰে কিছু নিৰ্ধাৰিত নিয়মৰ বাবে নিৰ্বাচিত বিহু সমিতিলৈ চৰকাৰী অনুদান আগবঢ়াই আহিছে। অসম চৰকাৰে আগবঢ়োৱা এই ডেৰ লাখ টকাৰ অনুদান বৃদ্ধিৰ দাবী উত্থাপন কৰিছে দৰং জিলা বিহু উদযাপন সমন্বয় সমিতিয়ে।
সংগঠনটোৱে আজি বিহুৰ অনুদান বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। দৰং জিলা বিহু উদযাপন সমন্বয় সমিতিয়ে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰা এই স্মাৰক পত্ৰত বিহুৰ বাবে যি অনুদান প্ৰদান কৰি আহিছে সেয়া বিহুৰ পূৰ্বেই মুকলি কৰি দিয়াৰ দাবী জনাইছে।
তাৰোপৰি এইবাৰ সেই চৰকাৰী অনুদান ১,৫০,০০০ টকাৰ পৰিবৰ্তে অতি কমেও ২,০০,০০০ টকা কৰিবলৈয়ো স্মাৰকপত্ৰৰ জৰিয়তে আহ্বান জনাইছে। দৰং জিলা বিহু উদযাপন সমন্বয় সমিতিৰ সভাপতি বিতোপন ডেকা, সম্পাদক ৰিপুঞ্জয় কুমাৰ বৰুৱাৰ উপৰিও বহু কেইখন বিহু উদযাপন সমিতিৰ বিষয়ববিয়াই আজি এই স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে এই স্মাৰক পত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিছে।