এছ আৰ ডি গ্ৰুপে দোকান খোলাকলৈ মঙলদৈত উত্তপ্ত পৰিস্থিতি...

চহৰখনৰ সুপৰিচিত এছ আৰ ডি গ্ৰুপৰ ৰিপোজ নামৰ হোটেল খন খোলা ৰাখে মালিক পক্ষই। লগে লগে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। 

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,মঙলদৈঃ  মঙলদৈ চহৰৰ মাজত দোকান খোলাকলৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰনৰ চেষ্টা কৰে। ঘটনা সন্দৰ্ভত প্ৰাপ্ত তথ্য অনুসৰি, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মঙলদৈ চহৰৰ মাজমজিয়াত থকা দোকান পোহাৰ স্বতঃফুৰ্ট ভাবে বন্ধ কৰে একাংশ ব্যৱসায়ীয়ে।

ইয়াৰ বিপৰীতে চহৰখনৰ সুপৰিচিত এছ আৰ ডি গ্ৰুপৰ ৰিপোজ নামৰ হোটেল খন খোলা ৰাখে মালিক পক্ষই। লগে লগে ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলে চহৰখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিছলৈ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু হোটেল খন বন্ধ কৰিবলৈ বাধ্য হয়।

এই ঘটনাৰ পাছতে ক্ষুদ্ৰ ব্যৱসায়ী সকলে চহৰৰ মাজেৰে শোভাযাত্ৰা উলিয়াই লগতে খোলা থকা দোকান-পোহাৰ সমূহ বন্ধ কৰিবলৈ সকলোকে আহ্বান জনায়। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ব্যৱসায়ী সকলক সকাহ প্ৰদান কৰিবলৈ কাইলৈৰ পৰা দোকান-পোহাৰ খুলিবলৈ পৰামৰ্শ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মঙলদৈ