/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/08/darrang-reportrr-hi-police-marigaonjui-for-web-AP-full-no-ad-copy.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ দৰং জিলাৰ সদৰ মঙলদৈৰ দৰে মফচলীয়া চহৰৰ পৰা চাৰি দশকৰো অধিক কাল ধৰি নিৰবিচ্ছিন্ন ভাবে সাপ্তাহিক কাকত 'মঙ্গল বাতৰি'ত সম্পাদনা কৰি প্ৰকাশ কৰি অহা প্ৰশান্ত বৰুৱালৈ অসম চৰকাৰে সাংবাদিক পেঞ্চনৰ বাবে বাচনি কৰাত উৎফুল্লিত হৈ পৰিছে জিলা খনৰ সাংবাদিক আৰু বৌদ্ধিক মহল।
নতুন অসমীয়া কাকতত সাংবাদিকতা আৰম্ভ কৰি ১৯৭৮ চনৰ ১১ এপ্ৰিলত নিজাকৈ সাপ্তাহিক মঙ্গল বাতৰিৰ সম্পাদকৰ দায়িত্ব লোৱা প্ৰশান্ত বৰুৱাই বিভিন্ন দুৰ্যোগৰ মাজতো কাকতখন প্ৰকাশ কৰি পাঠকৰ হাতত তুলি দিবলৈ কৃপণালি কৰা নাই।
সাংবাদিক পেঞ্চন লাভ কৰিবলৈ সক্ষম হোৱা প্ৰশান্ত বৰুৱাক বিধায়ক গুৰুজ্যোতি দাস, মঙলদৈ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ প্ৰতাপ বৰদলৈ, দৰং জিলা তথ্য আৰু জনসংযোগ বিষয়া মণিমালা গগৈ, বিজেপিৰ দৰং জিলা সমিতিৰ প্ৰাক্তন সভানেত্ৰী নিলীমা দেৱী, মহিলা মৰ্চাৰ সভানেত্ৰী প্ৰেমদা ভূঞা, মঙলদৈ মিডিয়া চাৰ্কোলৰ উপদেষ্টা ভাৰ্গব কুমাৰ দাস, সভাপতি হিতেশ হাজৰিকা, দৰং জিলা ক্ৰীড়া সাংবাদিক সংস্থাৰ সভাপতি আব্দুল খালেক, সম্পাদক গণেশ দত্ত, অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মা, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দ্বীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী, সম্পাদক গৌতমানন্দ গোস্বামী, প্ৰাক্তন সভাপতি ডঃ নগেন্দ্ৰনাথ শৰ্মা, ফুলেন্দ্ৰনাথ চহৰীয়া, লক্ষীনাৰায়ণ কোঁৱৰ, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ খগেন্দ্ৰ কুমাৰ নাথ, অৱসৰী অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধি, চপাই যুৱ কল্যাণ কেন্দ্ৰৰ সভাপতি হাছিনুৰ হুছেইন, সম্পাদক ৰমেশ চহৰীয়া, ছিপাঝাৰ প্ৰেছ গিল্ড, পশ্চিম দৰং প্ৰেছ ক্লাৱ, দেওমৰনৈ প্ৰেছ ক্লাৱ, দৰং জিলা সাংবাদিক সন্থা আদিয়ে অভিনন্দন জ্ঞাপন কৰিছে।