কৰুণাধাৰা ন্যাসৰক্ষী পুঁজিলৈ দৰং জিলা সহায়ক সমিতিয়ে আগবঢ়াইছে ৭৯,০০১ টকা…

কৰুণাধাৰা ন্যাসৰক্ষী পুঁজিলৈ দৰং জিলা সহায়ক সমিতিয়ে আগবঢ়াইছে ৭৯,০০১ টকা…

ডিজিটেল সংবাদ, মঙলদৈঃ বিশেষভাৱে সক্ষম লোকক জীয়াই থকাৰ প্ৰেৰণা যোগাই অহা মানৱতাবাদী অনুষ্ঠান কৰুণাধাৰা ন্যাসৰক্ষী পুঁজিলৈ দৰং জিলা সহায়ক সমিতিয়ে ৭৯,০০১ টকা আগবঢ়াইছে। বুধবাৰে গুৱাহাটী খানাপাৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত হোৱা কৰুণাধাৰাৰ দশম বৰ্ষপুৰ্তিত এই ধনখিনি দৰং জিলা সহায়ক সমিতিৰ সভাপতি ডাঃ ব্ৰজেন ভট্টাচাৰ্য, কাৰ্যকৰী সভাপতি মুকুল চন্দ্ৰ ডেকাই কৰুণাধাৰাৰ সভাপতি প্ৰতুল চন্দ্ৰ ফুকনৰ হাতত অৰ্পণ কৰে।

দৰং জিলা সহায়ক সমিতিৰ সম্পাদক গণেশ দত্তই জনোৱা মতে, মঙলদৈৰ এছ আৰ ডি গ্ৰুপৰ চাৰিটা প্ৰতিষ্ঠানে ২০ হাজাৰ টকা, বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস আৰু মঙলদৈ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ লীনা শইকীয়াই ১০ হাজাৰ টকাকৈ, বিশিষ্ট সমাজকৰ্মী গোবিন্দ উপাধ্যায়, ৰুচিয়া বেগম, মঙলদৈ সনাতন ধৰ্ম সভাই ৫ হাজাৰ টকাকৈ, মোবাৰক হুছেইন, হৰেণ কাকতিয়ে দুই হাজাৰ টকাকৈ, বাসব চন্দ্ৰ ডেকাই ১৫০০ টকা, সবিতা ৰাজবংশীয়ে ১০০১ টকাকৈ আগবঢ়ায়।

লগতে ডাঃ ৰমাকান্ত বৰা, কবিতা অধিকাৰী, ডাঃ যোগেন বড়ো, ডাঃ ধ্যানজ্যোতি শইকীয়া, প্ৰবীণ হাজৰিকা, ডাঃ প্ৰনীত বৰুৱা, সোণেশ্বৰী দাস, বিনু ডেকা, পঞ্চানন শৰ্মা, নিলীমা দেৱীয়ে এহেজাৰ টকাকৈ, মীৰা হাজৰিকাই ৬০০ টকা, ৰমণী মোহন শৰ্মা, ফৈজুদ্দিন আহমেদ, জ্যোতিৰ্ময় দাস, শেৱালী গোস্বামী কলিতা, ললিতা দাস, হৰিচন্দ্ৰ শৰ্মা, এনি ভূঞা ডেকা, অচ্যুত কৃষ্ণ চহৰীয়া, আব্দুল ৰৌফ, হৰি ৰাজবংশী, প্ৰতিমা মণ্ডলে ৫০০ টকাকৈ, প্ৰেমদা ভূঞা, হেমচন্দ্ৰ কলিতাই ৩০০ টকাকৈ, চিত্ৰলেখা মজুমদাৰ, নন্দিতা চহৰীয়া, জিতুমণি হাজৰিকাই ২০০ টকাকৈ, বৃন্দা দাস আৰু মিনতি হাজৰিকাই ১০০ টকাকৈ আগবঢ়ায়। এই দাতা সকলৰ মহানুভৱতাক ভূয়সী প্ৰশংসা কৰে কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক, বিশিষ্ট সাংবাদিক হোমেন বৰগোহাঞিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in