দৰঙত প্ৰধানমন্ত্ৰী গ্রাম চড়ক যোজনাৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি…

দৰঙত প্ৰধানমন্ত্ৰী গ্রাম চড়ক যোজনাৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি…

author-image
asomiyapratidin
New Update
দৰঙত প্ৰধানমন্ত্ৰী গ্রাম চড়ক যোজনাৰ দলং নিৰ্মাণত ব্যাপক দুৰ্নীতি…

ডিজিটেল সংবাদ, আন্ধেৰীঘাটঃ গড়কাপ্তানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন। ভাৰত চৰকাৰৰ গ্ৰাম উন্নয়ন মন্ত্ৰালয়ৰ অধীনত দলং নম্বৰ ১/৪, ৪/৫, পেকেজ নম্বৰ এ এছ-১৬-১৫০ৰ কামৰ নমুনাই হতবাক কৰিছে সচেতন মহলক। দৰঙৰ চিপাঝাৰ সমষ্টিত খোদ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ আৰু দলঙৰ চলি থকা নিৰ্মাণ কাৰ্যত বিশেষকৈ দলঙত সংঘটিত হৈছে বৃহৎ কেলেংকাৰী।

Advertisment

কোটি টকীয়া পকী দলঙৰ খুটাৰ পাইলৰ নিৰ্মাণ কার্য চলি থকাৰ সময়তে পোহৰলৈ আহিছে এই ঘটনা। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ বিহাইগাঁৱৰ পৰা এম পি কে সংযোগী পথৰ দিমিলা নদীৰ ওপৰৰ দলঙৰ খুটাৰ পাইল ১২ দিন পূৰ্বেই ধালাই কৰিছিল। কিন্তু ১২ দিন পিছতো লগ নালাগিল পাইলৰ বালি চিমেণ্ট শিল। কামৰ নমুনা দেখি স্থানীয় ৰাইজে পাইলত লোৰ ৰ'ড সুমুৱাই দিয়াত ওলাই পৰে গোমৰ ফাঁক।

১০-১২ ফুট তললৈ পকী খুটাৰ পাইলৰ ভিতৰলৈ সোমাই যায় ৰ'ড ডাল। আৰু ভিতৰৰ পৰা ওলাই আহে বোকা মাটি। ঠিকা লাভ কৰা প্ৰতিষ্ঠান আৰু বিভাগীয় অভিযন্তা কৰ্মচাৰীৰ কামৰ নমুনা দেখি ক্ষোভত ফাটি পৰে স্থানীয় ৰাইজ। আৰু তাৰপাছতেই ক্ষুদ্ধ ৰাইজে দলং নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে। চিমেণ্ট-বালি-শিল ৰাহি কৰিবলৈ ঠিকাদাৰে মিস্ত্ৰীক নির্দেশ দিয়াৰ বাবেই ভয়ংকৰ বিসংগতি সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

নিৰ্মাণৰ ঠিকা লাভ কৰা গুৱাহাটীৰ প্ৰম'টাৰ্চ বিজী গীল্ড প্ৰা‌ঃ লিমিটেদে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা, প্ৰয়োজনীয় চিমেণ্ট প্ৰয়োগ নকৰা আৰু পালমৰা কামৰ বাবে দলঙৰ স্থায়ীত্বকলৈ শংকিত হৈছে ৰাইজ। ৪৮২.৩৮ লাখ টকাৰ নিবিদা মূল্যৰ এই দলঙৰ কামৰ শুভাৰম্ভ কৰিছিল মঙলদৈৰ সাংসদ ৰমেন ডেকাই। বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ উপস্থিতিত বিগত বৰ্ষৰ ৮ নৱেম্বৰত কাম আৰম্ভ কৰাৰ দিনৰে পৰাই পদে পদে অনিয়ম সংঘটিত কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

দৰঙৰ গড়কাপ্তানী বিভাগ (গ্ৰাম্য)ৰ বিষয়া অভিযন্তাক মেনেজ কৰি তিনি এক মিশ্ৰনৰ মছলাৰে পকী দলঙৰ কাম কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। উল্লেখ যে, পাককলন একাষৰীয়া কৰি নির্মাণকাৰী সংস্থাই অনভিজ্ঞ মিস্ত্ৰীক প্ৰতি মিটাৰত মাত্ৰ এহেজাৰ টকাত পাইল স্থাপন কৰিবলৈ ছাব ঠিকা দিয়াত মিস্ত্ৰীয়ে দলঙৰ স্থায়িত্বৰ কথা বাদ দি দিনে-নিশাই কাম কৰি টকা ঘটাৰ চিন্তাৰ বাবে মূল্য ভৰিবলগীয়া হ'ব ৰাইজে। কোটিটকীয়া এই দলং নিৰ্মাণত সংঘটিত অনিয়ম সন্দৰ্ভত দৰঙৰ উপায়ুক্তক স্থানীয় গাওঁবুঢ়া চফীৰুদ্দিন আহমেদ আৰু ৰাইজে লিখিত অভিযোগ দাখিল কৰিছে।