দৰং জিলাৰ বানপানীত ক্ষতিগ্ৰস্তৰ গৃহৰ তালিকাৰ পুনৰীক্ষণৰ বাবে গোট গঠন…

দৰং জিলাৰ বানপানীত ক্ষতিগ্ৰস্তৰ গৃহৰ তালিকাৰ পুনৰীক্ষণৰ বাবে গোট গঠন…

author-image
asomiyapratidin
New Update
দৰং জিলাৰ বানপানীত ক্ষতিগ্ৰস্তৰ গৃহৰ তালিকাৰ পুনৰীক্ষণৰ বাবে গোট গঠন…

ডিজিটেল সংবাদ মঙলদৈঃ দৰং জিলাৰ শেহতীয়া বানপানীত আংশিক তথা সম্পূৰ্ণকৈ ক্ষতিগ্ৰস্ত হোৱা গৃহৰ তালিকাৰ ভিত্তিত ইয়াৰ যথাৰ্থতাৰ পুনৰীক্ষণৰ বাবে পুনৰীক্ষণ গোট সমূহে ক্ষতিগ্ৰস্ত গাওঁ সমূহৰ তালিকাভুক্ত ক্ষতিগ্ৰস্ত গৃহৰ ২০ শতাংশ পুনৰীক্ষণ কৰিবৰ বাবে তৎপৰ হৈছে । এই উপলক্ষে দেওবাৰে জিলাৰ অভিভাৱক মন্ত্ৰী তথা বন আৰু পৰিৱেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা পুনৰীক্ষণ গোট গঠন কৰা হয়।

Advertisment

উল্লেখ্য যে বান ক্ষতিগ্ৰস্ত গৃহৰ ক্ষয়-ক্ষতিৰ পুনৰীক্ষণৰ বাবে অন্য জিলাৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা গঠিত গোটৰ দ্বাৰা পুনৰীক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এই গোট সমূহে দৰং জিলাৰ সাম্প্ৰতিক বানত ক্ষতিগ্ৰস্ত দলগাওঁ, মঙলদৈ, পাথৰিঘাট আৰু ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনৰ গাওঁ সমূহলৈ গৈ ইতিমধ্যে ৩ টা পৰ্যায়ত পৰীক্ষা কৰি জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বৈঠকত নীতিগতভাৱে অনুমোদন জনোৱা ২০ শতাংশ গৃহৰ থিতাতে (random) পুনৰীক্ষণ (cross-verification) কৰিব।

জিলাখনৰ ভিলেজ লেভেল লেণ্ড কনজাৰভেশ্যন এণ্ড ডিজেষ্টাৰ মেনেজমেন্ট কমিটিয়ে (VLCDMC)বানত ক্ষতিগ্ৰস্ত গৃহৰ তালিকা প্ৰস্তুত কৰাৰ পিছত চাৰ্ক'ল লেভেল টাস্ক ফৰ্চৰ অনুমোদন তথা পুনৰীক্ষণৰ পিছত জিলা দুৰ্যোগ প্ৰাধিকৰণৰ ক্ৰমাগত ৩খন বৈঠকত ক্ষতিগ্ৰস্ত গৃহৰ তালিকাত নীতিগত অনুমোদনৰ পিছত ক্ষতিগ্ৰস্ত গাঁৱৰ এখন বিদ্যালয়ত এই তালিকা আৰি দিয়াৰ উপৰিও ওজৰ-আপত্তি দাখিলৰ ব্যাৱস্থা কৰা হৈছিল। ইয়াৰ পিছতে চক্ৰবিষয়া তথা দণ্ডাধীশ পৰ্যায়ৰ বিষয়াই কেঁচা গৃহ ক্ষতিগ্ৰস্তৰ ১ শতাংশ আৰু সম্পূৰ্ণ ক্ষতিগ্ৰস্ত গৃহ সমূহৰ সম্পূৰ্ণ পুনৰীক্ষণ কৰিছে।

এতিয়া চতুৰ্থ পৰ্যায়ত অন্য জিলাৰ বিষয়া-কৰ্মচাৰীৰ দ্বাৰা গঠিত গোট সমূহে ইয়াৰ পুনৰীক্ষণ (cross-verification) কৰিব যাতে কোনো এগৰাকী প্ৰকৃত গৃহ ক্ষতিগ্ৰস্ত এই তালিকাৰ পৰা বাদ নপৰে আৰু কোনো এগৰাকী বিনাক্ষতিগ্ৰস্তৰ নাম যাতে এই তালিকাত অন্তৰ্ভুত নহয়।

আজি অনুষ্ঠিত এই বৈঠকত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এনে পুনৰীক্ষণ গোট সমূহৰ দ্বাৰা কৰিবলগীয়া কাম-কাজৰ সবিশেষ সামৰি বক্তব্য প্ৰদান কৰে । বৈঠকত অংশগ্ৰহণ কৰি জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোনো এগৰাকী প্ৰকৃত বানত গৃহ ক্ষতিগ্ৰস্তৰ নাম যাতে তালিকাৰ পৰা বাদ নপৰে আৰ অনা ক্ষতিগ্ৰস্ত কোনো এগৰাকীৰ নাম যাতে অন্তৰ্ভুক্ত নহয় সেইটো নিশ্চিত কৰিবলৈ দিছে। সেয়েহে পুনৰীক্ষণ গোট সমূহে এই কামখিনি অতি নিষ্ঠাৰে কৰিব লাগিব বুলি তেওঁ কয়।

আজিৰ বৈঠকত জিলাখনৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত উপায়ুক্ত সকলৰ লগতে বিভিন্ন ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সকল আৰু বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।