ডিজিটেল সংবাদ মঙলদৈঃ দৰং জিলা সাহিত্য সভাৰ কুঁহি উপ সমিতিয়ে শিশু দিৱস উপলক্ষে আয়োজন কৰা প্ৰৱন্ধ আৰু চিত্ৰাংকন প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰিছে । ফলাফল অনুসৰি চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিছে- বিজিত মণি নাথ (পূব মঙলদৈ স্বৰ্ণ শাখা সাহিত্য সভা) দ্বিতীয় স্থান অধিকাৰ কৰিছে- পৰিনীতা চহৰীয়া ( হাজৰিকাপাৰা সাহিত্য সভা) আৰু তৃতীয় স্থান লাভ কৰিছে ৰিণিকি শৰ্মাই ( মঙ্গলধাম সাহিত্য সভা) ।
আনহাতে প্ৰবন্ধ প্ৰতিযোগিতাৰ ফলাফল অনুসৰি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে – স্বৰ্ণময়ী ডেকা (হাজৰিকাপাৰা সাহিত্য সভা), দ্বিতীয় স্থান অধিকাৰ কৰিছে – নিহাৰিকা দেৱী (হাজৰিকাপাৰা সাহিত্য সভা) আৰু তৃতীয় স্থান লাভ কৰিছে ইপ্সিতা কৌশিকে (লুইতপৰীয়া সাহিত্য সভা) ।
প্ৰতিযোগিতাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলক দেওবাৰে ঔতলা শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হবলগীয়া জিলা সাহিত্য সভাৰ শিশু দিৱসৰ মুকলি সভাত পুৰস্কাৰ সমুহ প্ৰদান কৰা হব বুলি জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী আৰু কুঁহি উপসমিতিৰ আহ্বায়ক প্ৰবীণ বৰুৱাই জনাইছে।
পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিযোগী সকলক শিশু দিৱসৰ মুকলি সভাত পুৰস্কাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তা সকলে ।