দৰঙত মছজিদৰ ইমাম সকলৰ সৈতে উপায়ুক্তৰ সভা, সমূহীয়া নামাজৰ বাবে দিয়া নহয় অনুমতি…

দৰঙত মছজিদৰ ইমাম সকলৰ সৈতে উপায়ুক্তৰ সভা, সমূহীয়া নামাজৰ বাবে দিয়া নহয় অনুমতি…

ডিজিটেল সংবাদ, মঙলদৈঃ ইছলামধৰ্মী লোকসকলৰ ঈদলৈ মাজত মাঁথো কেইটামান দিন বাকী। পৱিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ সময়তে বৃহস্পতিবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্তৰ সঞ্চালনাত জিলাখনৰ বিভিন্ন মছজিদৰ ইমামসকলৰ লগত এখন সভা অনুষ্ঠিত কৰা হয়।

সভাত উপায়ুক্ত দিলীপ কুমাৰ বৰাই সমগ্ৰ বিশ্বক আক্ৰান্ত কৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰ তথা অসম দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা লকডাউনৰ নিৰ্দেশণাৱলী উৎসৱ-পাৰ্বনৰ নামত কোনো কাৰণতে যাতে ভঙ্গ কৰা নহয়, তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আৰু লগতে নিজৰ নিজৰ এলেকাত এই সম্পৰ্কত আগতীয়াকৈ সজাগ কৰি দিবলৈ ইমামসকলৰ প্ৰতি আহ্বান জনায়।

ইফটাৰ বা ঈদৰ দিনা নামাজ সমূহীয়াকৈ অনুষ্ঠিত কৰাৰ পৰা বিৰত থাকি নিজৰ ঘৰে ঘৰে নামাজ পঢ়িবলৈ আৰু ইছলামধৰ্মী জনসাধাৰণৰ মাজত এই কথা পুনৰবাৰ সকিয়াই দিবলৈ ইমামসকলক অনুৰোধ জনাই উপায়ুক্তজনে কয় যে- লকডাউনৰ নিৰ্দেশনাৱলী কোনোবাই ভঙ্গ কৰিলে বা ধৰ্মীয় অনুষ্ঠানত নিৰ্দিষ্ট সংখ্যাতকৈ বেছি লোকৰ সমাগম হ'লে আইন অনুসৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in