পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দৰং কংগ্ৰেছৰ ধৰ্ণা…

পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দৰং কংগ্ৰেছৰ ধৰ্ণা…

author-image
asomiyapratidin
New Update
পেট্ৰল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত দৰং কংগ্ৰেছৰ ধৰ্ণা…

ডিজিটেল সংবাদ, মঙলদৈঃ বিধান সভাৰ অধিৱেশনৰ চলি থকাৰ সময়তে মঙলদৈতে শনিবাৰে দৰং কংগ্ৰেছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা এই ধৰ্ণা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবাদী সমদল উলিয়াবলৈ চেষ্টা কৰিছিল যদিও কোভিড প্ৰট'ক'লৰ বাবে প্ৰশাসনে বাধা আৰোপ কৰে। শেষত দৰং কংগ্ৰেছে ৰাজীৱ ভৱনৰ সন্মুখতে কাৰ্যসূচী ৰূপায়ন কৰে। ৰাজ্য তথা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ আমোলত কেন্দ্ৰ তথা ৰাজ্য চৰকাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই বুলি কংগ্ৰেছে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

Advertisment

বৰ্তমান সময়ত কোভিড পৰিস্থিতিৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোক হতাশগ্ৰস্ত হৈ পৰিছে৷ এনে পৰিস্থিতিত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে সাধাৰণ নাগৰিকৰ দুখ দূৰ্দশা আওকাণ কৰি পুজিপতিৰ স্বাৰ্থত সকলোবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিছে বুলিও কংগ্ৰেছে চৰকাৰক সমালোচনা কৰে। এই মূল্যবৃদ্ধিৰ উপৰিও শুকুৰবাৰে অসম বিধানসভাত বৃত্ত মন্ত্ৰী অজন্তা নেওঁগে দাখিল কৰা বিত্তীয় বাজেতে সৰ্বসাধাৰণ ৰাইজক সকাহ দিব পৰা নাই বুলি মন্তব্য কৰিলে মঙলদৈ সমষ্টিৰ কংগ্ৰেছ বিধায়ক বসন্ত দাসে ৷ বিধায়ক গৰাকীয়ৰ লগতে দৰং জিলা কংগ্ৰছে চৰকাৰক সকলোবোৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবলৈ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ জৰিয়তে দাবী জনালে৷