
ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ গোলাঘাট জিলাৰ সৰুপথাৰৰ চুঙাজানত পৃথকে পৃথকে সংঘটিত হোৱা দুটাকৈ ডকাইটি কাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে ৷ শনিবাৰে মাজ নিশা ধনশিৰি মহকুমাৰ চুঙাজান থানাৰ অন্তৰ্গত হলৌগুৰি গাঁৱৰ এজন লোকৰ বাসগৃহত ছয়জনীয়া অস্ত্ৰধাৰী ডকাইটৰ দলে গৃহষ্ঠৰ ঘৰত প্ৰৱেশ কৰে ।
ভিতৰত সোমাই গৃহস্থক হাত ভৰি বান্ধি লুটপাত চলাইছিল ধন আৰু সোনৰ গহনা লুটি লৈ যায়৷ শনিবাৰৰ উক্ত ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই দেওবাৰে নিশা পুনৰ চুঙাজান মৰাজানত হস্তনিৰ্মিত বন্দুক দেখুৱাই পথেৰে যোৱা গাড়ী আগচি ভয় ভাবুকিৰে লুটপাত চলোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷
নিশাই চুঙাজান আৰক্ষীয়ে খবৰ পোৱাৰ পিচতেই ডকাইটি কাণ্ডৰ লগত জড়িত দুজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷গ্ৰেপ্তাৰ কৰা ধৃত যুৱক দুজন ৰাজা দাস আৰু জিতু শইকীয়া বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে একেৰাহে দুটা নিশা একেদৰে এনে কাণ্ড সংঘটিত হোৱাত চুঙাজানবাসী আতংকিত হৈ পৰিছে ৷ ইফালে এই পৰ্য্যন্ত প্ৰথমটো ডকাইটি ঘটনাৰ লগত জড়িত এজনকো আৰক্ষীয়ে বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই ৷সমগ্ৰ ঘটনাটো আৰক্ষীয়ে তদন্ত অব্যহত ৰাখিছে বুলি জানিব পৰা গৈছে।
আৰু পঢ়ক: মানকাচৰত মাহে ১২০ জনতকৈ অধিক নাবালিকা প্ৰসুতিৰ প্ৰসৱ কৰা হয়