গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল’লে অৱসৰ, VIDEO

গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ পাছতেই ৮ বছৰে বিনা বেতনেৰে কাম কৰা ডাবিডুবিৰ সূতাকলৰ ৮ চাকৰিয়ালে ল’লে অৱসৰ, VIDEO

ডিজিটেল সংবাদ, নুমলীগড়ঃ দেওবাৰে ৭১ সংখ্যক গণৰাজ্য দিৱস৷ গণৰাজ্য দিৱসৰ দিনাই পতাকা উত্তোলন কৰাৰ পাছতেই কৰ্মৰ পৰা অব্যাহতি ল'লে নুমলীগড়ৰ কাষৰীয়া খুমটাইৰ ডাবিডুবিস্থিত শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলৰ ৮ জন সুৰক্ষা কৰ্মীয়ে৷ যাৰ ফলত আজিৰে পৰা গৰাকীবিহীন হৈ পৰিল শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকল৷ অব্যহতি লোৱাৰ পিছত একপ্ৰকাৰ কান্দোনত ভাগি পৰিল উদ্যোগটোৰ কৰ্মচাৰীসকল৷

গণৰাজ্য দিৱসৰ দিনাই এটা মৃতপ্ৰায় উদ্যোগত পতাকা উত্তোলন কৰাৰ পাছত কান্দোনত ভাগি পৰিল উদ্যোগটোৰ ৮ জনকৈ কৰ্মচাৰী৷ ৬৫৫ বিঘা মাটিকালিৰে আৱৰি থকা শ্বহীদ কুশল কোঁৱৰ সমবায় সূতাকলটো ১৯৮৭ চনত আধাৰশিলা কৰি উদ্যোগটোত ১৯৯০ চনত উৎপাদনৰ কাম আৰম্ভ হৈছিল যদিও ৩ বছৰ চলাৰ পিছত উৎপাদনৰ কাম বন্ধ হৈ যায়৷ বন্ধ হোৱাৰ পিছতো এইসকল সুৰক্ষা কৰ্মীয়ে উদ্যোগটোত বিগত ২৭ বছৰে নিৰাপত্তা দি ভিতৰৰ বস্তুসমূহ চকু দি আহিছিল৷

উদ্যোগটো পুনৰুজ্জিৱীত কৰাৰ বাবে এইসকল সুৰক্ষা কৰ্মীয়ে চৰকাৰক বহুবাৰ আবেদন নিবেদন কৰিছিল যদিও চৰকাৰৰ গুৰুত্বহীনতাৰ বাবে মৃতপ্ৰায় হৈ যায়৷ এইকেইগৰাকী সুৰক্ষা কৰ্মীয়ে দিনে ৰাতিয়ে বিগত ২৭ বছৰে সুৰক্ষা দি আহিছিল যদিও ৮ বছৰে বিনা বেতনে সেৱা আগবঢ়াই আহিছিল সূতাকলটোত৷ সূতাকলটোৰ পৰা আনুষ্ঠানিকতাভাৱে বিদায় লোৱাৰ পাছত একপ্ৰকাৰ কান্দোনত ভাগি পৰিল সুৰক্ষা কৰ্মীসকল।

উল্লেখ্য যে, বিগত কংগ্ৰেছ চৰকাৰ তথা বৰ্তমান বিজেপি চৰকাৰখনেও এই মৃতপ্ৰায় উদ্যোগটো পুনৰুজ্জিৱীত কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত বন্যপ্ৰাণীৰ বাসস্থানলৈ পৰিণত হৈছে উদ্যোগটো৷ এতিয়া প্ৰশ্ন হয় ইমান দিনে বিনাবেতনেৰে উদ্যোগত সুৰক্ষা প্ৰদান কৰি অহা কৰ্মচাৰীসকলৰ চকুলো ৰজাঘৰীয়াৰ দৃষ্টিগোচৰ হ'বনে? সেইয়া হ'ব লক্ষণীয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in