/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a6325c6b-df24-4084-8bcf-a70ea5043a92/dababaa.jpg)
ডিজিটেল ডেস্কঃ মঙলবাৰে ডবকাত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। একাংশ উদণ্ডলোকে আক্ৰমণ কৰে ডবকা আৰক্ষী থানা। এই ঘটনাত লৈ অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।
আজি দিনৰ ভাগত চাজিনা বেগম নামৰ এগৰাকী মহিলাই কৰিছিল আত্মহত্যা।আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ থানালৈ লৈ আনিছিল লগতে মহিলাগৰাকীৰ স্বামী আব্দুল মালিককো আনিছিল থানালৈ।
তাৰপাছতে চাজিনাৰ পৰিয়ালৰ লোকে থানাৰ ভিতৰত প্ৰৱেশ কৰি আক্রমণ কৰে আব্দুলক। আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত আৰক্ষীকো আক্রমণ কৰে উত্তেজিত লোকসকলে।
উদণ্ড লোকসকলৰ আক্রমণত গুৰুতৰভাৱে আহত হৈছিল দুগৰাকী আৰক্ষী বিষয়া। পৰিস্থিতি বিষম দেখিল পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হৈ SSBৰ জোৱানে আটক কৰে ৪ আক্রমণকাৰীক। ঘটনা জড়িত আন দুজন লোকক আটক কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত।
Also Read: বিজেপি নেত্ৰীৰ হত্যাকাণ্ড: অবৈধ প্ৰেমৰ কথা নস্যাৎ পৰিয়ালৰ, চিবিআই তদন্ত দাবী