চৰকাৰী নিষেধাজ্ঞাক ভেঙুচালি!

চৰকাৰী নিষেধাজ্ঞাক ভেঙুচালি! বহি:ৰাজ্যৰ পৰা আহিয়েই আছে পশুধন...
চৰকাৰী নিষেধাজ্ঞাক ভেঙুচালি!

ডিজিটেল সংবাদ, কোকৰাঝাৰ : চৰকাৰী নিষেধাজ্ঞাক ভেঙুচালি একাংশৰ৷ প্ৰতিবন্ধকতা আৰোপ থকা স্বত্তেও অসম-বংগ সীমান্তয়েদি সৰবৰাহ হৈছে পশুধন ৷ অসম চৰকাৰে বহি:ৰাজ্যৰ পৰা গাহৰি আৰু কুকুৰাৰ পৰিবহনত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পাছতো চৰকাৰৰ নিৰ্দেশনাক ভেঙুচালি একাংশৰ।

কোকৰাঝাৰ জিলাৰ অসম পশ্চিমবংগৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক প্ৰৱেশদ্বাৰত সক্ৰিয় ছিণ্ডেকেট চক্ৰ ৷ প্ৰতিবন্ধকতাৰ পিছতো বহি:ৰাজ্যৰ পৰা নিতৌ অসমত প্ৰৱেশ কৰিছে গাহৰিৰ লগতে ব্ৰইলাৰ কুকুৰা । নিৰ্বিকাৰ কোকৰাঝাৰ জিলা প্ৰশাসন ৷ প্ৰতিবন্ধকতাক নেওঁচি কোকৰাঝাৰ চহৰৰ অলিয়ে-গলিয়ে বজাৰত বিক্ৰী হৈছে পশ্চিমবংগৰ পৰা সৰবৰাহ কৰা গাহৰি আৰু কুকুৰা ৷

ব্যৱসায়ীসকলে অসমৰ ফাৰ্মৰ বুলি কৈ অত্যাধিক মূল্যবৃদ্ধি কৰি ৰাম টাঙোন সোধাইছে গ্ৰাহকক ৷ বহি:ৰাজ্যৰ গাহৰি আফ্ৰিকান ছোৱাইন ফ্লু আৰু কুকুৰাৰ এভিয়ান ইনফ্লুৱেঞ্জাত আক্ৰান্ত হোৱা স্বত্তেও অসমত নিতৌ সৰবৰাহ হৈছে গাহৰি আৰু কুকুৰা। শ শ পিকাপ আপ বাহনেৰে সৰবৰাহ কৰা হৈছে এই পশুধন।

এইবাৰ পাটগাওঁত আৰক্ষীৰ জালত পশ্চিমবংগৰ পৰা শ্ৰীৰামপুৰয়েদি সৰবৰাহ কৰা তিনিখন ব্ৰইলাৰ কুকুৰাৰ বাহন ৷ বৰ্তমান আৰক্ষীৰ জিন্মাত আছে ব্ৰইলাৰ ভৰ্তি AS 16 AC 4243; AS18 AC 4566 আৰু AS18AC1288 নম্বৰৰ বাহন তিনিখন।

পিছে মন কৰিবলগীয়া যে, চুবুৰীয়া ৰাজ্য পশ্চিমবংগত গাহৰি আৰু কুকুৰাৰ ফাৰ্মত ভয়াবহ ভাৱে বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফিভাৰ আৰু এভিয়ান ইনফ্লুৱেঞ্জা ৷ যাৰ বাবে বহি:ৰাজ্যৰ পৰা পশুধন অনাত বাধা আৰোপ কৰিছিল ৰাজ্য চৰকাৰে। পিছে প্ৰতিবন্ধকতা থকা স্বত্তেও অসম-বংগ সীমান্তৱেদি নিতৌ চোৰাংকৈ সৰবৰাহ হৈছে পশুধন ৷

অসমৰ ছিণ্ডিকেট চক্ৰই পশ্চিমবংগৰ গাহৰি আৰু কুকুৰাবোৰ সীমান্তবৰ্তী গোসাঁইগাঁও মহকুমাৰ বিভিন্ন ফাৰ্মত ষ্টক কৰি অসমৰ বুলি পতিয়ন নিয়াবলৈ কৌশলী পন্থা গ্ৰহণ কৰিছে ৷ উল্লেখ্য যে, চালকে ব্ৰইলাৰ কুকুৰাখিনি গোসাঁইগাঁৱৰ ফাৰ্মৰ বুলি দাবী কৰে যদিও কোনোধৰণৰ নথিপত্ৰ দেখুৱাবলৈ সক্ষম হোৱা নাই ।

চৰকাৰী নিষেধাজ্ঞাক ভেঙুচালি!
National Parks of Assam: পৰ্যটকক আৰ্কষণ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in