-২৩ ডিগ্ৰী ছেলছিয়াছত লেহৰ খাৰ্দোংলাত অসম যুৱকৰ চাইক্লিং…

-২৩ ডিগ্ৰী ছেলছিয়াছত লেহৰ খাৰ্দোংলাত অসম যুৱকৰ চাইক্লিং…

author-image
asomiyapratidin
New Update
-২৩ ডিগ্ৰী ছেলছিয়াছত লেহৰ খাৰ্দোংলাত অসম যুৱকৰ চাইক্লিং…

ডিজিটেল ডেস্কঃ অসমৰ দুঃসাহসিক ক্ৰীড়াৰ বাটকটীয়া সংগঠন 'অসম পৰ্বতাৰোহণ সন্থা'ৰ উদ্যোগত লাডাখত হোৱা শীতকালীন চাইকেল অভিযান ২৭ ফেব্ৰুৱাৰীত সমাপ্ত হৈছে। প্ৰথম দুদিন লেহত চাইক্লিং দলটোৱে অনুশীলন হিচাপে শান্তি স্তোপা আৰু সংগম হৈ নিমু ভেলীলৈ গৈ পুনৰ লেহলৈ উভতি আহে।

Advertisment

তৃতীয় দিনা অৰ্থাৎ ২৭ ফেব্ৰুৱাৰীত শেখৰ বৰদলৈৰ নেতৃত্বত চাইক্লিং অভিযানকাৰী দলটো ক্ৰমে চন্দোৎপল গগৈ, নিৰজ বৰা, দৃষ্টি কাশ্যপ বৰদলৈ আৰু কৃষানু বৰাই (সহায়ক) পৃথিৱীৰ জনপ্ৰিয়  খাৰ্গেংলা পাছলৈ অভিযান কৰে।

পুৱা ৮ বজাত আৰম্ভ কৰা এই অভিযানৰ অভিযানকাৰী দলটো তুষাৰ পাত আৰু অতি নিম্ন মানৰ উষ্ণতা (-২৩ ডিগ্ৰী ছেলছিয়াছ দিনৰ ভাগত) নেওচি ১৭,৯৮২ ফুট উচ্চতাৰ খাৰ্দোংলা পাছত উপস্থিত হয়। অসমৰ এইটোৱে প্ৰথম চাইক্লিং দল যিয়ে শীতকালত লেহৰ পৰা খাৰ্দোংলালৈ চাইকেল অভিযান কৰিছে। সাধাৰণতে খাৰ্দোংলালৈ শীতকালত দুচকীয়া বাহনৰ অনুমতি প্ৰদান নকৰে যদিও অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত আৰু লেহৰ স্থানীয় প্ৰশাসনৰ সহযোগত এই অভিযান সফল ৰূপে সমাপন হয়। এই অভিযানত অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ে সহায় আগবঢ়াই।