কুঁৱৰীটোল গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত গছ কাটি তহিলংঃ ৰাইজৰ প্ৰতিক্ৰিয়া…

কুঁৱৰীটোল গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ চৌহদত গছ কাটি তহিলংঃ ৰাইজৰ প্ৰতিক্ৰিয়া…

ডিজিটেল সংবাদ কলিয়াবৰ: যি সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে বন বিভাগৰ প্ৰতিটো কাৰ্যালয়ত গছ পুলি ৰূপনৰ বাবে নিৰ্দেশ দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সময়তে কলিয়াবৰ বন বিভাগৰ সেউজ সংকেটত এটা গাঁও পঞ্চায়ত কাৰ্যালয়ৰ চৌহদৰ ৫ জোপাকৈ বৃহৎ গছ কাটি তহিলং কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ঘটনাটো কলিয়াবৰ উন্নয়ন খণ্ড অধিনৰ কুঁৱৰীটোল গাওঁ পঞ্চায়তত ।

জানিব পৰা মতে, এজোপা মূল‍্যবান গছ শুকাই যোৱাৰ সুবিধা গ্ৰহণ কৰি পঞ্চায়ত চৌহদতে থকা মুঠ ৫ জোপাকৈ বৃহৎ গছ কাটি কাঠ বেপাৰীক বিক্ৰী কৰোতেই সোমবাৰে স্থানীয় একাংশ সচেতন ৰাইজৰ তৎপৰতাত বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ নিৰ্দেশত কটা গছ কেইজোপা জব্দ কৰে ।

শিলঘাট বন বিভাগৰ সেউজ সংকেটতে পঞ্চায়ত – সভানেত্ৰী প্ৰণিতা বৰা, সচিব আদিয়ে গছ কেইজোপা বিক্ৰী কৰাৰ পাং পাতিছিল বুলি অভিযোগ উঠিছে । এই ক্ষেত্ৰত উৰ্দ্ধতন কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।

ইফালে কলিয়াবৰ উন্নয়ন খণ্ড অধিনৰ কুঁৱৰীটোল গাঁও পঞ্চায়তত দেখা দিয়া অৰাজক অৱস্থাই সৰ্বসাধাৰণ ৰাইজক জীৱাতু ভোগাই আহিছে । এই উৎকট গৰমত ঘন্টাৰ পাছত ঘন্টা ধৰি বোন্দাপৰ দি বহি থাকিব লগা হৈছে পঞ্চায়তটোৰ এলেকাৰ একাংশ বৃদ্ধ-বৃদ্ধা ।

চৰকাৰে দিয়া নিৰ্দেশ মৰ্মে বৃদ্ধ পেঞ্চনৰ এখন কাগজ জমা দিবলৈ পঞ্চায়তলৈ পুৱা ৮ বজাতে আহি দিনৰ ১ বজালৈকে বোন্দাপৰ দিব লগা হৈছে কাৰ্যালয়ৰ চৌহদত । পঞ্চায়তটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী জনৰ বাদে কাৰ্যালয়টোত আজি কোনো উপস্থিত নোহোৱাত ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰা পৰিলক্ষিত হ'ল ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in