চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ জানাজা সম্পন্ন

 চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ  জানাজা সম্পন্ন

ডিজিটেল সংবাদ, সৰভোগঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ গোলাপ হুছেইনৰ ঘৰত কান্দোনৰ ৰোল। কৰ্তব্যৰত অৱস্থাতেই মৃত্যু হৈছিল চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ।

উল্লেখযোগ্য যে গোলাপ হুছেইন চিআৰপিএফৰ বি/১৪২ গোলাঘাট বেটেলিয়নত কৰ্মৰত আছিল। যোৱা মঙলবাৰে দিনৰ প্ৰায় দুই বজাত গোলাঘাটস্থিত বি/১৪২ নং চিআৰপিএফ বেটেলিয়নৰ বিষয়ববীয়াই গোলাপৰ পৰিয়ালক জানিবলৈ দিছিল যে নিজৰ ছাৰ্ভিছ বন্দুকৰ গুলিত আত্মহনন কৰে গোলাপে।

এই খবৰ শুনাৰ লগে পৰিয়ালৰ লোকৰ মাজৰ হুৱাদুৱা লাগে। উল্লেখযোগ্য যে দহ দিন মান ছুটীত ঘৰত থকাৰ পাছত দেওবাৰে গোলাঘাটৰ উৰিয়ামঘাটৰ কেম্পলৈ গৈছিল গোলাপ । এই মৃত্যুক পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে সহজভাৱে মানি ল'ব পৰা নাই।

মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত বৃহস্পতিবাৰে নিশা তিনি বজাত হাউলী চিআৰপিএফে জৰিয়তে মৃতদেহ পাকাবেতবাৰীৰ বাসগৃহত লৈ আহে। হাজাৰ হাজাৰ লোকৰ উপস্থিতিত শুকুৰবাৰে পুৱা শোকাকুল পৰিৱেশত তেওঁৰ জানাজা সম্পন্ন হয় ।

কি পৰিস্থিতিত সেনা জোৱান জনৰ মৃত্যু হ'ল তাৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনায় ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে। ঘৰৰ এক মাত্ৰ উপাৰ্জনকাৰী সেনা জোৱান গোলাপ হুছেইনৰ মৃত্যুৰ পিছত বৃহত্তৰ পৰিয়ালটোৰ ওপৰত চৰকাৰে যাতে সু-দৃষ্টি নিক্ষেপ কৰে তাৰ দাবী জনায় গোলাপ হুছেইনৰ আত্মীয়ই ।

পৰিয়ালৰ তথা অঞ্চলবাসীয়ে গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰক এক নিৰপেক্ষ তদন্ত কৰি মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰে।

 চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ  জানাজা সম্পন্ন
গুৱাহাটী ডাবল মাৰ্ডাৰঃ আৰক্ষীয়ে পূৰ্ণাংগ চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰা বাবে জামিন লাভ অৰূপ ডেকাৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in