তিতাবৰত চিপিআইৰ পথসভা, চৰকাৰক তীব্ৰ সমালোচনা

তিতাবৰত চিপিআইৰ পথসভা, চৰকাৰক তীব্ৰ সমালোচনা

author-image
Asomiya Pratidin
New Update
তিতাবৰত চিপিআইৰ পথসভা, চৰকাৰক তীব্ৰ সমালোচনা

ডিজিটেল সংবাদ, বেকাজানঃ চি পি আইৰ অসম ৰাজ্যিক পৰিষদৰ আহ্বানত চলি থকা ৰাজ্যজোৰা প্ৰচাৰ অভিযানৰ অংশস্বৰূপে বৃহস্পতিবাৰে তিতাবৰ বিধান সমষ্টিত ছয়খনকৈ পথসভা অনুষ্ঠিত হয় ৷ তিতাবৰ সমষ্টি অন্তগৰ্ত চুঙী তিনিআলি , তেলিয়াপতি তিনিআলি , এলেঙি চাৰিআলি, মেলামাটি তিনিআলি, তিতাবৰ নগৰৰ ন-আলি তিনিআলি আৰু জালুকনীবাৰী চাৰিআলিত এই পথসভাসমূহ অনুষ্ঠিত হয় ৷

Advertisment

পথসভা অংশলৈ চিপিআইৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আৰু ৰাজ্যিক সম্পাদক কনক গগৈয়ে পথসভাৰ মূল বিষয় সমূহৰ তাৎপৰ্য ব্যাখ্যা কৰি তেওঁ নগালেণ্ড আৰু অৰুণাচল প্ৰদেশৰ দৰে অসমকো বিশেষ ৰাজ্য মৰ্যাদা দিয়া , ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত বছৰ বছৰজুৰি অসমবাসীয়ে দাবী জনাই অহাৰ পিছতো কেন্দ্ৰই কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয় ক্ষমতালৈ আহিলে ছয় মাহৰ ভিতৰত জনজাতিকৰণ কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপি চৰকাৰে এতিয়া অসমবাসীক প্ৰতাৰণা কৰা বুলি চৰকাৰক চোকা সমালোচনা কৰে ৷

তেওঁ দাবী কৰে যে অসমৰ বৃহত্তৰ জাতীয় সত্তা ৰক্ষাৰ বাবে আৰু অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰাৰ স্বাৰ্থত ৰাজ্যখনক বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰা আৰু ছয় জনগোষ্ঠীক জনজাতিকৰণ বাহিৰে কোনো বিকল্প নাই ৷ আনহাতে বিজেপি চৰকাৰে সংবিধানক উলংঘা কৰি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আঘাত সনাৰ উপৰিও সংবিধান বিৰোধী আইন প্ৰনয়ণ কৰিলে বুলি সমালোচনা কৰে ৷ CAA আইনৰ জৰিয়তে ধৰ্ম ভিত্তিত নাগৰিকত্ব প্ৰদান, CAA অসমত কাৰ্যকৰী কৰিলে অসমীয়া ভাষা, জনগাঁথনিত, অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত বিৰূপ প্ৰভাৱ পৰিব বুলি শংকা প্ৰকাশ কৰে ।

অসমবাসীয়ে এই আইন কেতিয়াও কাৰ্যকৰী কৰিবলৈ নিদিয়ে বুলি কয় আৰু জনগণক ইয়াৰ তীব্ৰ বিৰোধীতা কৰিবলৈ আহ্বান জনাই ৷ ইফালে বিৰোধী শাসিত চৰকাৰসমূহক ৰাজ্যপালসকলৰ জৰিয়তে হস্তক্ষেপ কৰোৱাই ভাঙি দিবলৈ চেষ্টা কৰি যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত আঘাত হানিছে বুলি চৰকাৰক সমালোচনা কৰে ৷ কনক গগৈয়ে দুনীৰ্তি ৰোধ কৰাৰ ক্ষেত্ৰত আৰু বয়বস্তৰ চৰাদাম নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো চুড়ান্ত ভাৱে ব্যৰ্থ হ’ল বুলি চৰকাৰক চোকা সমালোচনা কৰে ৷

কেৱল তলৰ পৰ্যায়ৰ একাংশ দুৰ্নীতিকাৰীক জেলত ভৰোৱা বিপৰীতে অভিযোগ উত্থাপিত বহু মন্ত্ৰী বিধায়ক আমোলা বিষয়াক সুৰক্ষাহে দিলে বুলি কয় ৷ বিজেপি দলৰ চৰকাৰে বৃহৎ বণিক গোষ্ঠীৰ স্বাৰ্থত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, নিৰ্মাণ সামগ্ৰী, পেট্ৰ’লজাত সামগ্ৰী, জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধিহে কৰি জনসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাই আহিছে ৷ আগত অহা নিৰ্বাচনত জনতাক সমুচিত প্ৰত্যুত্তৰ দিবলৈ কনক গগৈয়ে আহ্বান জনাই ৷ আজিৰ পথসভাসমূহত চিপিআইৰ জেষ্ঠ নেতা ইন্দ্ৰেশ্বৰ চুতীয়া, জিলা সহকাৰী সম্পাদক ৰূপেশ্বৰ শইকীয়াকে ধৰি ভালেসংখ্যক কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে ৷

Also Read: বাৰনাসীৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰধানমন্ত্ৰী মোডীয়ে...