পুনৰ আৰক্ষীৰ জালত গৰু ভৰ্তি ট্ৰাক!

চতিয়াৰ গেৰেকীত গৰু ভৰ্তি মালবাহী ট্ৰাক জব্দ চতিয়া আৰক্ষীৰ

author-image
Asomiya Pratidin
New Update
পুনৰ আৰক্ষীৰ জালত গৰু ভৰ্তি ট্ৰাক!

ডিজিটেল সংবাদ, জামুগুৰিহাট: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায়। গৰুৰ এই অবৈধ বেহা সন্দৰ্ভত ৰাজ্যত আৰক্ষীৰ অভিযান অব্যাহত আছে। এনে অভিযানৰ পৰিপ্ৰেক্ষিততেই বৃহস্পতিবাৰে নিশা চতিয়াৰ গেৰেকীত গৰু ভৰ্তি মালবাহী ট্ৰাক চতিয়া আৰক্ষীয়ে জব্দ কৰিছে৷ জব্দাকৃত মালবাহী ট্ৰাক খনৰ নম্বৰ হৈছে -এ এছ ০১ ই চি ৮৮৮৬। আৰু উক্ত ট্ৰাক খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ২২ টাকৈ গৰু ।

Advertisment

ধৃত সৰবৰাহী কেইজনে নৃশংসতাৰ সকলো সীমা চেৰাই চাৰিওটা ঠেং বান্ধি পাণ জপা দি আনিছিল গৰুকেইটা ৷ পিছে নিশা চতিয়া আৰক্ষীৰ তদন্ত দেখি গেৰেকীৰ সমীপতে মালবাহী ট্ৰাক এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেন ৷

জব্দকৃত ট্ৰাকখন পুৱাৰ ভাগত চতিয়া আৰক্ষীয়ে গৰুসহ গো-শালালৈ প্ৰেৰণ কৰিছে ৷ অৱশ্যে এই পৰ্যন্ত ট্ৰাকখন ক’ৰ পৰা আৰু ক'লৈ নিছিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷

Also Read: National Parks of Assam: পৰ্যটকক আৰ্কষণ কৰা অসমৰ ৰাষ্ট্ৰীয় উদ্যান

Assam police