/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/09ef3f5d-4468-4dd8-adc5-5dcb7808c292/ggff.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ৰাজ্যত অব্যাহত আছে গৰু সৰবৰাহৰ অবৈধ চিণ্ডিকেট। বোকাখাতৰ বিহৰা বজাৰৰ পৰাই আৰম্ভ হয় গৰুৰ বৃহৎ চিণ্ডিকেট ৷ তিনিখনকৈ আৰক্ষী থানাৰ সন্মুখেৰে শ শ গৰুগাড়ী পাৰ হোৱাৰ পাছতো চকু মুদা কুলিৰ ভাৱত আৰক্ষী ৷
গোলাঘাট -নগাঁও সীমান্তত প্ৰতিদিন টাইমৰ কেমেৰাত বন্দী হৈছে গৰু সৰবৰাহৰ দৃশ্য ৷বোকাখাতৰ বিহৰা বজাৰৰ মহলদাৰৰ নেতৃত্বতে ৰাজ্যত চলিছে গৰুৰ অবৈধ তথা চোৰাং সৰবৰাহ ৷পশুধন সুৰক্ষা আইনে গৰুৰ আন্তঃজিলা সৰবৰাহত নিষেধাজ্ঞা আনি দিয়াৰ পাছতো বিহৰা বজাৰক লৈ সক্ৰিয় গৰু ছিণ্ডিকেট চক্ৰ।
গোলাঘাট-নগাওঁ জিলাত গো সুৰক্ষা আইন উঠিছে ধোৱাচাঙত ৷দিনে নিশাই গাড়ীয়ে গাড়ীয়ে জিলা অতিক্ৰমী সৰবৰাহ হয় হাজাৰ হাজাৰ গো ধন ৷বোকাখাতৰ বিহৰাৰ পৰা তিনিখনকৈ আৰক্ষী থানা পাৰ হৈ নগাঁও পায়গৈ চোৰাং তথা নথি পত্ৰবিহীন গৰু৷ বিহৰাৰ পৰা চক্ৰটোৰ নেতৃত্বত অহা গৰুগাড়ীয়ে বোকাখাত আৰু কহঁৰা আৰক্ষী থানাৰ সন্মুখেদি পাৰ হোৱাৰ পাছত গোলাঘাট-নগাঁও জিলাৰ সীমান্ত পাৰ হৈ নগাঁও জিলাৰ কুঠৰী আৰু হাৰমতীৰ দুটা বিশেষ স্থানত মজুত কৰে গৰুবোৰ ৷
এটা নিশা ৰাখি পাছদিনা পুনৰ ট্ৰাকত উঠাই লৈ যোৱা হয় বহিৰাজ্যলৈ ৷আৰক্ষী চকীৰ সন্মুখেদিয়ে অবৈধ গৰু সৰবৰাহকাৰীয়ে গ্ৰহণ কৰিছে ন ন কৌশল। বোকাখাত-কহঁৰা-বাগৰী আৰক্ষী থানা পাৰ হৈ গৰুভৰ্তি বাহনসমুহ কিদৰে নগাঁও জিলাত প্ৰৱেশ কৰে সেয়া ৰহস্যজনক আখ্যা দল সংগঠনৰ।
Also Read: সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে