৩০ এপ্ৰিললৈ বৃদ্ধি হ’ব দেশত লকডাউনৰ সময়সীমা! ১৪ এপ্ৰিলৰ পৰা অসমত হ’ব নতুন নিয়ম

৩০ এপ্ৰিললৈ বৃদ্ধি হ’ব দেশত লকডাউনৰ সময়সীমা! ১৪ এপ্ৰিলৰ পৰা অসমত হ’ব নতুন নিয়ম

author-image
asomiyapratidin
New Update
৩০ এপ্ৰিললৈ বৃদ্ধি হ’ব দেশত লকডাউনৰ সময়সীমা! ১৪ এপ্ৰিলৰ পৰা অসমত হ’ব নতুন নিয়ম

ডিজিটেল ডেস্কঃ অসমত কোৰোনা ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে প্ৰশাসনৰ সুবিধা হোৱাকৈ অসমৰ জিলাসমূহক ৩টা ভাগত বিভক্ত কৰা হ'ব। এই মহামাৰীৰ সৈতে যুঁজিবলৈ অসমৰ জিলাসমূহক ৰে'ড, য়েল', গ্ৰীণ জ'নত ভাগ কৰা হ'ব। অসম চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। ১৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'বলগীয়া এই নিয়ম প্ৰতিখন জিলাতে পৃথক হ'ব। কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি জিলাসমূহক ৰে'ড, য়েল' আৰু গ্ৰীণ জ'নত ভাগ কৰা হ'ব।

Advertisment

ইয়াৰে কোৰোনাৰ সন্ত্ৰাস অধিক হোৱা স্থানসমূহ ধৰা হ'ব ৰেড জ'নত। ইফালে ভাৰতত লকডাউন দুসপ্তাহৰ বাবে অৰ্থাৎ ৩০ এপ্ৰিললৈ বৃদ্ধি কৰাৰো ইংগিত দিছে কেন্দ্ৰই। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিংযোগে এই বিষয়ত আলোচনা কৰাৰ পিছতে দিয়ে লকডাউনৰ সময়সীমা বৃদ্ধিৰ ইংগিত।

অৱশ্যে এতিয়াও এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। ইফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দেওবাৰে খানাপাৰাৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। কোৰোনা ভাইৰাছে ৰাজ্যত পেলোৱা প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হ'ব এই বৈঠকত। পুৱা ১১ বজাত আৰম্ভ হ'ব এই বৈঠক। জানিব পৰা অনুসৰি অসমত ১০ শতাংশ লোক আক্ৰান্ত অঞ্চলসমূহ ৰেড জ'নত ধৰা হ'ব।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে আলোচনা কৰাৰ পিছতে কেবাগৰাকী মুখ্যমন্ত্ৰীয়ে লকডাউন প্ৰসংগত মন্তব্য কৰিছিল। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছতে লকডাউনৰ সময়সীমা বৃদ্ধিৰ স্পষ্ট ইংগিত দিলে। তেওঁ টুইটাৰত লিখিছিল, লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত সঠিক। ভাৰতৰ বৰ্তমানৰ স্থিতি অন্য বহু বিকশিত দেশতকৈ সুস্থিৰ বুলিও উল্লেখ কৰিলে কেজৰিৱালে। লগতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছিল, জনতাৰ বাবেই লকডাউন সম্প্ৰসাৰণ কৰাটো জৰুৰী।