নৱম ষ্টুডেণ্টছ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ ৬ টা স্বৰ্ণসহ ৯ টা পদক অৰ্জন….

নৱম ষ্টুডেণ্টছ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ ৬ টা স্বৰ্ণসহ ৯ টা পদক অৰ্জন….

author-image
asomiyapratidin
New Update
নৱম ষ্টুডেণ্টছ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ ৬ টা স্বৰ্ণসহ ৯ টা পদক অৰ্জন….

ডিজিটেল ডেস্কঃ নৱম ষ্টুডেণ্টছ অলিম্পিক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত কটন বিশ্ববিদ্যালয়ৰ কেইবাগৰাকীও ছাত্ৰই লাভ কৰিছে সফলতা। উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত কটন বিশ্ববিদ্যালয় মাৰ্চিয়েল আৰ্ট ফৰামে অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰি মুঠ ৯ টা পদক লাভ কৰিছে।

২৭ জুলাইৰ পৰা ২৯ জুলাইলৈ অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ উশ্বুত মুঠ ৯ গৰাকী শিক্ষাৰ্থীয়ে স্বৰ্ণ আৰু ৰূপ পদক দখল কৰিবলৈ সক্ষম হৈছে। স্বৰ্ণ পদক লাভ কৰা শিক্ষাৰ্থীসকল ক্ৰমে- ৰাজশ্ৰী তামুলী, বিপ্লৱ বিশ্বাস, বন্দনা কলিতা, প্ৰীতি ঘিমিৰে, আয়েসা খাতুন, নৱজিত স্বৰ্গীয়াৰী। আনহাতে ৰূপৰ পদক লাভ কৰে কংকন জ্যওতি কলিতা, ইজনাৰা বেগম আৰু দিক্ষীতা ৰাজবংশীয়ে।