মাজুলীৰ পাছত সত্ৰনগৰী বৰপেটাত মিছনাৰীৰ ধৰ্মান্তকৰণৰ জাল

মাজুলীৰ পাছত সত্ৰনগৰী বৰপেটাত মিছনাৰীৰ ধৰ্মান্তকৰণৰ জাল

ডিজিটেল সংবাদ, বৰপেটাঃ অতি সংগোপনে সত্ৰনগৰী বৰপেটাত চলিছে ধৰ্মান্তকৰণ প্ৰক্ৰিয়া। আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা কিছু লোকক লক্ষ্য কৰি লৈছে এক চক্ৰই। তেওঁলোকৰ আৰ্থিক দুৰৱস্থা আৰু চৰকাৰী অৱহেলাৰ সুযোগ গ্ৰহণ কৰি খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাৰ খবৰ প্ৰচাৰ হোৱাৰ পাছত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বৰপেটাত।

প্ৰায় ৪০টা পৰিয়ালে মহাপুৰুষীয়া পন্থা পৰিহাৰ কৰি খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱা বুলি জানিব পৰা গৈছে। অজনজাতি আৰু খিলঞ্জীয়া এই পৰিয়াল কেইটাই আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁলোকক সহায়ৰ নামত সন্তপৰ্ণে এইদৰে ধৰ্মান্তকৰণ প্ৰক্ৰিয়া চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।

কৌশলপূৰ্ণভাৱে প্ৰলোভন দি মহাপুৰুষীয়া পন্থাত বিশ্বাসী লোকসকলক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰা এই কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰপেটা সত্ৰ্ৰৰ বুঢ়াসত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মাই। আমাৰ সাংবাদিকৰ সৈতে হোৱা কথোপকথনত সত্ৰাধিকাৰগৰাকীয়ে জনাই যে, বৰপেটা সত্ৰ এলেকাৰ অভাৱগ্ৰস্ত কোনো লোকে যদি খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছে তেন্তে তেওঁলোক পুনৰ নিজৰ পন্থালৈ ঘূৰি আহিব লাগে।

এই আহ্বান জনাই বুঢ়াসত্ৰাধিকাৰগৰাকীয়ে কয়, 'পৃথিৱীৰ ভিতৰতে শ্ৰেষ্ঠ ধৰ্ম, মহাপুৰুষীয়া সনাতন ধৰ্ম। এই ধৰ্ম উদাৰ আৰু বিশাল আধ্যাত্মিক দৰ্শনত বিশ্বাসী। সকলোৰে ইয়াত আছে সমধিকাৰ। বিপদত পৰস্পৰে পৰস্পৰক সহায় কৰাৰ লগতে সুদিনত সংগ দি আনন্দিত কৰাৰ প্ৰেৰণা দি আহিছে। সেয়েহে আজি বিশ্বৰ ভিতৰতে মহাপুৰুষজনৰ এই আদৰ্শ শ্ৰেষ্ঠ পৰিগণিত হ'ব ধৰিছে'।

সত্ৰাধিকাৰগৰাকীৰ স্পষ্ট আহ্বান- যদি কোনো লোকে এনেদৰে ধৰ্মান্তৰ হৈছে তেন্তে তেওঁলোক মহাপুৰুষগৰাকীৰ আদৰ্শৰ প্ৰতি বিশ্বাস ৰাখি পুনৰ নিজৰ ধৰ্মলৈ ঘূৰি আহক। লক্ষণীয় যে, সত্ৰনগৰী মাজুলীতো মিছনাৰীসকলে মিচিং জনগোষ্ঠীয় লোকসকলক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰ কৰাৰ এক অভিযান চলাইছে। আনকি নগালেণ্ডৰ মন্ত্ৰীও আহি হাত উজান দিছিল এই অভিযানত।

অভাৱগ্ৰস্ত আৰু সত্ৰৰ নীতি-নিয়মক লৈ ক্ষুণ্ণ হৈ পৰা জনজাতীয় লোকসকলক এনেদৰে ধন আৰু সা-সুবিধা প্ৰদানৰ আশ্বাসেৰে ধৰ্মান্তৰ কৰা প্ৰক্ৰিয়াক লৈ সেই সময়ত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। মাজুলীত এই ধৰ্মান্তৰণ প্ৰক্ৰিয়াৰ পাছতেই ৪৯টাকৈ গীৰ্জাঘৰ নিৰ্মাণ হৈছিল। যি ঘটনাই ৰাজ্যজুৰি তোলপাৰ লগাইছিল।

ধৰ্মান্তৰ হোৱা মিচিং লোকসকলৰ অভিযোগ আছিল- তেওঁলোকে সত্ৰসমূহৰ পৰা উপযুক্ত মৰ্যাদা আৰু সন্মান নাপায়। ইয়াকে মূলধন হিচাপে লৈ তেওঁলোকৰ অভাৱক সমল কৰি খ্ৰীষ্টানসকলৰ এই ধৰ্মান্তৰণ প্ৰক্ৰিয়া সত্ৰ আৰু মিচিং জাতীয় অনুষ্ঠানৰ উদ্যোগত স্থবিৰ কৰিলেও সেয়া অতি সংগোপনে আজিও হৈ আছে।

মাজুলীৰ পাছত বৰপেটা সত্ৰৰ সমীপৱৰ্তী অঞ্চলসমূহত এনেধৰণৰ ধৰ্মান্তকৰণৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। জনজাতীয় লোকসকলৰ পাছত খিলঞ্জীয়া এচাম দৰিদ্ৰ লোকক এইদৰে লক্ষ্য কৰি ধৰ্মান্তকৰণ কৰা প্ৰক্ৰিয়াক সহজভাৱে ল'ব পৰা নাই বৰপেটাৰ স্থানীয় দল-সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in