সমষ্টি পুনৰ নিৰ্ধাৰণ খচৰাকলৈ কোকৰাঝাৰত আৱতৰীয়া দীপাৱলী...
ডিজিটেল সংবাদ, কোকৰাঝাৰ : ৰাজ্যৰ সমষ্টি পুন নিৰ্ধাৰণ খচৰাকলৈ কোকৰাঝাৰত আৱতৰীয়া দীপাৱলী ৷ বিটিচি সচিবালয়ৰ প্ৰবেশদ্বাৰত আতচবাজীৰে শাসকীয় দল ইউপিপিএলৰ হৰ্ষোল্লাস দেখা পোৱা গ'ল মঙ্গবাৰৰ নিশা৷
হৰ্ষোল্লাষত উপস্থিত থাকে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বিধায়ক লৰেঞ্চ ইছলাৰী৷ সমষ্টি পুন নিৰ্ধাৰণত পূৰ্বৰ ১২খন আসনৰ বিপৰীতে বিটিআৰত ১৫খন বিধানসভা আসন দিয়াৰ কথা খচৰাত প্ৰকাশ পোৱাৰ বাবেই হৰ্ষোল্লাস শাসকীয় দলৰ।
কোকৰাঝাৰ লোকসভা সমষ্টি পূৰ্বৰ দৰেই জনজাতি সংৰক্ষিত হিচাপে বাহাল থকাত ইউপিপিএল দল উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়। এই সন্দৰ্ভত প্ৰমোদ বড়োই কয় যে, "বিটিআৰবাসীৰ বাবে এয়া ভাল খবৰ ৷ বিটিআৰত ১২ৰ পৰা ১৫ লৈ বিধানসভাৰ আসন বৃদ্ধি লগতে কোকৰাঝাৰ লোকসভা সমষ্টি জনজাতিৰ বাবে সংৰক্ষিত থকাটো সুখবৰ আৰু ইয়াৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ৷"
ইপিনে কোকৰাঝাৰ জিলাত পাঁচটা বিধানসভা সমষ্টি হ'ব বুলি খচৰাত প্ৰকাশ পাইছে। সমষ্টিসমূহ হ'ল ক্ৰমে গোঁসাইগাঁও, কোকৰাঝাৰ (জনজাতি সংৰক্ষিত), দোতমা (জনজাতি সংৰক্ষিত), বাওখুংগ্ৰী আৰু পৰ্বতঝোৰা ।