মূল্যবৃদ্ধি, জি এছ টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

মূল্যবৃদ্ধি, জি এছ টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ…

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশজুৰি আজি কংগ্ৰেছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধকি মূল্য বৃদ্ধি, জি এছ টি আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ অপপ্ৰয়োগৰ বিৰুদ্ধে সাব্যস্ত কৰা এই প্ৰতিবাদে দিল্লী তথা আন আন ৰাজ্যত উত্তাল হৈ পৰিছে।

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত কংগ্ৰেছক প্ৰতিবাদৰ অনুমতি দিয়া নাছিল যদিও অৱশেষত দিল্লী আৰক্ষীয়ে যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুমতি প্ৰদান কৰে। অৱশ্যে আন আন প্ৰান্তত ১৪৪ ধাৰা জাৰি কৰা হৈছে। দিল্লতী কংগ্ৰেছে দুটা ভাগত বিভক্ত হৈ এটা গোটে প্ৰধানমন্ত্ৰী আৱাসগৃহ ঘেৰাও কৰাৰ লগতে আন এটা গোটে সংসদৱ ভৱনলৈ যাত্ৰা কৰাৰ কথা আছিল।

ইফালে অসমতো প্ৰদেশ কংগ্ৰেছেৰ নেতৃত্ব উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। তাৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীক আটক কৰি বাছত লৈ গৈছে। প্ৰদেশ কংগ্ৰেছে ৰউজান বজাৰস্থিত ৰাজভৱনলৈ গৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল। অৱশ্যে আধাবাটতে আৰক্ষীয়ে তেওঁলোকক বাধা দি আটক কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in