Published on:
Updated on:
- কংগ্ৰেছৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্তুতি প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ।
- ১১ আগষ্ট অৰ্থাৎ দেওবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিব বৰাকৰ নেতাগৰাকীয়ে।
- হেঙেৰাবাৰীত অনুষ্ঠিত হ'বলগীয়া বিজেপিৰ এক অনুষ্ঠানতে কৰিব যোগদান।
- পূৰ্বৰে পৰা গৌতম ৰয়ৰ বিজেপি গমনক লৈ চলিছিল চৰ্চা।
- দল বিৰোধী কাৰ্যকলাপৰ বাবে দলৰ কংগ্ৰেছৰ পৰা নিলম্বিত কৰা হৈছিল ৰয়ক।
- ইফালে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি গৌতম ৰয়ে কয়-
- 'মই হিন্দুৰ ভোটেৰে যিহেতু জয়যুক্ত হৈ আহিছো, গতিকে হিন্দুত্ববাদী আদৰ্শৰ এটা দলত যোগদান কৰিম।'
- অন্যহাতে কংগ্ৰেছৰ প্ৰাক্তন সাংসদ শান্তিয়াজ কুজুৰেও এৰিলে কংগ্ৰেছ।
- প্ৰাক্তন সাংসদ গৰাকীয়ে বিজেপিত যোগদান কৰাৰ সম্ভাৱনা।
- দুয়োগৰাকী প্ৰাক্তন কংগ্ৰেছী নেতাই একেই অনুষ্ঠানত যোগদান কৰিব পাৰে বিজেপিত।
Code:
Asomiya Pratidin
www.asomiyapratidin.in