এই নিৰ্বাচন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচনঃ প্ৰিয়ংকা গান্ধী

এই নিৰ্বাচন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচনঃ প্ৰিয়ংকা গান্ধী

author-image
asomiyapratidin
New Update
এই নিৰ্বাচন অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ নিৰ্বাচনঃ প্ৰিয়ংকা গান্ধী

ডিজিটেল সংবাদ, শিমলুগুৰি : ঘোষণা হ'ল ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ দিন ৷ ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ ভিতৰচ'ৰাত চলিছে ব্যাপক নিৰ্বাচনী তৎপৰতা ৷ ব্যতিক্ৰম নহয় কংগ্ৰেছ দলো ৷ কংগ্ৰেছক উদ্ধাৰৰ বাবে আজি অসমলৈ দুদিনীয়া কাৰ্যসূচীৰে আহিছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৷

Advertisment

কংগ্ৰেছ নেত্ৰীগৰাকী বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ভোগপুৰত আজি উপস্থিত হোৱাৰ লগে লগে নেত্ৰীগৰাকীক গায়ন-বায়ন, বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, নৃত্য প্ৰদৰ্শনেৰে উষ্ম আদৰণি জনায় ৷ ইফালে নেত্ৰীগৰাকীয়ে বিভিন্ন গীত- নৃত্যৰ তালে তালে সকলোৰে লগত নৃত্যও পৰিবেশন কৰে ৷ ইয়াৰ পিছতেই মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰী আৰু উজীৰৰ টোল ৰঙাজানত উপস্থিত হৈ আৰ্শীষ গ্ৰহণ কৰাৰ লগতে শৰাই আগবঢ়ায় প্ৰসাদো গ্ৰহণ কৰে ৷

কংগ্ৰেছ নেত্ৰীগৰাকীক সংগ দিয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা, সাংসদ্বয় গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, কংগ্ৰেছ নেতা ৰকিবুল হুচেইন, দেৱব্ৰত শইকীয়া,সাংসদ ৰাণী নৰহ, সমষ্টিটোৰ প্ৰাক্তন বিধায়ক ভূপেন কমাৰ বৰাৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দই ৷

আৰ্শীষ গ্ৰহণ কৰি নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কয় যে– এই নিৰ্বাচন হৈছে অসমীয়া অস্তিত্ব ৰক্ষাৰ নিৰ্বাচন ৷ বিজেপি চৰকাৰে শাসনত আহিবৰ বাবে যিকোনো কাম কৰিব পাৰে ৷ বিজেপিয়ে নিৱনুৱা সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে ৷ ইয়াৰ পিছতেই নেত্ৰীগৰাকী বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ হৈ গহপুৰলৈ গমন কৰে ৷