কংগ্ৰেছে ৭০ বছৰে গান্ধীজীৰ ৰাম ৰাজ্যৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰিলেঃ সৰ্বানন্দ সোণোৱাল

কংগ্ৰেছে ৭০ বছৰে গান্ধীজীৰ ৰাম ৰাজ্যৰ সপোন বাস্তৱায়িত কৰিব নোৱাৰিলেঃ সৰ্বানন্দ সোণোৱাল

ডিজিটেল সংবাদ, ছিপাঝাৰঃ মহাত্মা গান্ধীৰ ১৫০ সংখ্যক জয়ন্তী উপলক্ষে বিজেপিয়ে মঙলবাৰে ৰাজ্যজুৰি উলিওৱা পাদযাত্ৰাৰ ছিপাঝাৰত শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই উপলক্ষে ছিপাঝাৰ একাডেমি খেলপথাৰত আয়োজিত এক সভাত অংশ লৈ মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত কয়- "বাপুজীয়ে এইখন ৰাষ্ট্ৰক ৰামৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ সপোন দেখিছিল। এই সংকল্প যাত্রাৰে আমি বাপুজীৰ সপোন দিঠকত পৰিণত কৰিব লাগিব।" তেওঁ লগতে কয়- "বিশ্বৰ সাতশ কোটি জনতাই বাপুজীৰ আদৰ্শ গ্ৰহণ কৰিছে আৰু বাপুজীৰ আদৰ্শৰে বিশ্বৰ বুকুত শান্তি সম্প্ৰতি আৰু ভাতৃত্ববোধ গঢ় দিয়াৰ নিমিত্তে প্ৰতিখন ৰাষ্ট্ৰীয় ই সংকল্প লৈছে।"

মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, ৰাজ্য চৰকাৰৰ ৰাজহ আৰু জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতা, মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, নলবাৰীৰ বিধায়ক অশোক শৰ্মা আদি উপস্থিত থকা সভাখনত ছিপাঝাৰৰ বিধায়ক বিনন্দ শইকীয়াই আদৰণি ভাষণত কয়- "কংগ্ৰেছে স্বাধীনতাৰ পিছত প্ৰায় ৭০ বছৰ ভাৰতবৰ্ষক শাসন কৰিলে। ৰাজনৈতিকভাৱে কংগেছে গান্ধীজীৰ নাম লয়, গান্ধীজীৰ দল বুলি কয়। কিন্তু গান্ধীজীৰ সপোনৰ ভাৰতবৰ্ষ গঢ়ি তোলাত কংগ্ৰেছ দলে ব্যৰ্থ হ'ল।

গান্ধীজীৰ যি ৰামৰাজ্যৰ সপোন আছিল সেই সপোন কংগ্ৰেছে ধুলিসাৎ কৰিলে। "সভাখনত মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্য চৰকাৰৰ পেঞ্চন লাভ কৰা ছিপাঝাৰৰ শিল্পী, সাহিত্যিক আৰু মুক্তি যুঁজাৰু সকলক সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in