উপেন্দ্ৰ ব্ৰহ্ম বঁটা প্ৰাপক ড০ প্ৰমোদ ভট্টাচাৰ্যৰ মৃত্যুত এবছুৱে অৰ্ধনমিত কৰি ৰাখিলে পতাকা

উপেন্দ্ৰ ব্ৰহ্ম বঁটা প্ৰাপক ড০ প্ৰমোদ ভট্টাচাৰ্যৰ মৃত্যুত এবছুৱে অৰ্ধনমিত কৰি ৰাখিলে পতাকা

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো ভাষাৰ বিজ্ঞানসন্মত অধ্যয়ণ পদ্ধতিৰে গুৰি ধৰোতা বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিত, সাহিত্যিক ড০ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ দেহাৱসানত শোকত ম্ৰিয়মান হৈ পৰিছে সমগ্ৰ বড়োভূমি৷ ভট্টাচাৰ্যৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে সকলো স্তৰৰ বড়ো জনগোষ্ঠীয় দল-সংগঠনে সদ্য প্ৰয়াত ভাষাবিদ, গৱেষক গৰাকীৰ মৃত্যু বড়ো ভাষাৰ উন্নয়ণ, প্ৰগতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে৷

তিব্বতী-বৰ্মী ঠালৰ অসমৰ বড়ো ভাষা সম্বন্ধে ১৯৬৫ চনত সম্পন্ন কৰা গৱেষণা 'এ ডেছক্ৰিপটিভ এনালাইছিছ অৱ দা বড়ো লেংগুৱেজ'ৰ বাবে পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱা ভট্টাচাৰ্যলৈ শ্ৰদ্বা জনাই সোমবাৰে পুৱা কোকৰাঝাৰ চহৰৰ বাগানশালিস্থিত এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছত এবছুৱে এক শোকসভা অনুষ্ঠিত কৰি বিদেহী আত্মাৰ সদ্গতিৰ কাৰণে এবছুৰ পতাকা এদিনৰ বাবে অৰ্ধনমিত ৰাখি শ্ৰদ্বা জনোৱা হয়৷

বিশিষ্ট ভাষাবিদগৰাকীৰ ইহলীলা সম্বৰণত এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীয়ে গভীৰ শোক প্ৰকাশ কৰি এয়া বড়ো ভাষাৰ বিকাশৰ বাবে কোনোকালে পূৰাব নোৱাৰা ক্ষতি বুলি কয়৷ ছাত্ৰ নেতাগৰাকীয়ে আৰু কয় যে ভট্টাচাৰ্যলৈ শ্ৰদ্বা জনাই আজি এবছুৰ কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউছৰ লগতে বিটিএডিৰ চাৰি জিলাৰ প্ৰতিখন জিলা, মহকুমা, আঞ্চলিক, শাখাৰ ৰাজ্যখনৰ প্ৰতিখন জিলা সমিতিসমূহে একে সময়তে শ্ৰদ্বা জনাই এবছুৰ পতাকা অৰ্ধনমিত অৱস্থাত ৰাখিছে৷

আনপিনে ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌড়া ব্ৰহ্মইও ভট্টাচাৰ্যৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ তেওঁ ভট্টাচাৰ্যই বড়ো ভাষাৰ ক্ষেত্ৰত যোগাই যোৱা অৰিহণা সম্পৰ্কে জানিবলৈ দি সাংবাদিকৰ আগত কয় যে বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিতগৰাকীয়ে যিমানখিনি অৱদান দি গ'ল তাৰ তুলনাত হয়তো বড়োসকলে সিমান দিব পাৰা নাই৷ এনে অৱদানৰ বাবেই ২০০৫ চনত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম ন্যাসে (ইউএনবিটি) দ্বিতীয় উপেন্দ্ৰ নাথ ব্ৰহ্ম মানৱতাৰ সৈনিক বঁটাৰে সন্মানিত কৰা হৈছিল৷

কিন্তু সেয়াই যথেষ্ট নহয়৷ বড়োসকলে ভৱিষ্যতে ভট্টাচাৰ্যৰ অৱদানক স্বীকৃতি আৰু সন্মান জনাই চিৰযুগমীয়া কৰি ৰাখিবৰ বাবে উদ্যোগ ল'ব লাগিব বুলিও মন্তব্য কৰে ব্ৰহ্মই৷ ইয়াৰোপৰি ব্ৰহ্মই ভাষাবিদগৰাকীৰ অৰিহণাক শ্ৰদ্বাৰে স্মৰণ কৰি বড়োসকলে আধুনিক বড়ো ভাষাৰ এগৰাকী পোহৰৰ শিখা বাহক হেৰুৱালে বুলিও গভীৰ শোক প্ৰকাশ কৰে৷

'ভট্টাচাৰ্যই কেৱল বড়ো ভাষাৰ ওপৰত গৱেষণা কৰিয়েই থমকি ৰোৱা নাছিল৷ কোকৰাঝাৰৰ বাগানশালিস্থিত সাহিত্য-সংস্কৃতিমুলক তাহানিৰ এক লেখত ল'বলগীয়া অনুুষ্ঠান 'বিথ'ৰাই আফাৎ'ৰ বিষয়-ববীয়াসকলৰ সৈতে সু-সম্পৰ্ক বজাই ৰাখি বড়ো ভাষা-সাহিত্যৰ বিকাশ, উত্তৰণৰ বাবে কাম কৰিছিল৷ যদিওবা আজি ভট্টাচাৰ্য আমাৰ মাজৰ পৰা নোহোৱা হৈছে, তথাপি তেওঁ বড়োসকলৰ হৃদয়ত সদায় আন্তৰিকতাৰে জীয়াই থাকিব৷' -এনেদৰে কয় ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ উৰ্খাউ গৌড়া ব্ৰহ্মই৷

ইপিনে আজি বিটিচি সচিবালয় প্ৰাংগনতো বিটিচিৰ আটাইকেইগৰাকী কাৰ্যবাহী সদস্য, বিষয়া-কৰ্মচাৰীসকলে শোকসভা অনুষ্ঠিত কৰি প্ৰয়াত ভট্টাচাৰ্যৰ বিদেহী আত্মাৰ চিৰশান্তিৰ কাৰণে ভগৱানৰ ওচৰত এক মিনিট মৌন প্ৰাৰ্থনা জনায়৷ উল্লেখ্য যে, বিশিষ্ট ভাষাবিদ, গৱেষক, পণ্ডিতগৰাকীয়ে বড়ো ভাষাত গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰাৰ উপৰিও ১৯৫৭ চনত 'বড়ো ফ'কছংছ এণ্ড টেলছ' আৰু ২০০৩ চনত প্ৰয়াত ভৱেন নাৰ্জাৰীৰ সৈতে লগ-লাগি 'বড়ো-অসমীয়া অভিধান' যুটীয়াকৈ সম্পাদনা কৰি বিশেষ অৰিহণা যোগাই গৈছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in