বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি…

বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি…

author-image
asomiyapratidin
New Update
বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত অনুষ্ঠিত সত্ৰীয়া নৃত্য কৰ্মশালাৰ সামৰণি…

ডিজিটেল সংবাদ বটদ্ৰৱাঃ গ্ৰীষ্ম বন্ধৰ সময়চোৱাত বটদ্ৰৱা প্ৰেছ ক্লাৱৰ উদ্যোগত ১৫ দিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানত অনুষ্ঠিত সত্ৰীয়া নৃত্য কৰ্মশালাৰ আজি সামৰণি পৰে। বটদ্ৰৱা শ্ৰীমন্ত শংকৰদেৱ গৱেষণা প্ৰতিষ্ঠানৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱাৰ পৌৰহিত্যত অনুষ্ঠিত অনুষ্ঠানটিত মুখ্য অতিথি ৰূপে উপস্থিত থাকি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহনন্তই গুৰুজনাৰ জন্মস্থানত নৱপ্ৰজন্মই কৰা কৃষ্ণ নাম বন্দন শ্ৰৱণ কীৰ্ত্তনৰ বাবে যি সুন্দৰ পৰিবেশ বিৰাজ কৰিছে তাক প্ৰশংসা কৰে।

Advertisment

বটদ্রৱা প্ৰেছ ক্লাৱৰ সম্পাদক কন্দৰ্প কুমাৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকি চলচিত্ৰ, মঞ্চৰ জনপ্ৰিয় অভিনেতা, তথা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য ৰাজীৱ বৰঠাকুৰ আৰু ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক ড০ মোহিনী মোহন ডেকাই "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰল প্ৰতিভাৰ চৰ্চা কৰি, শংকৰদেৱক আমি ভগৱান ৰূপে নহয় এজন মানৱ হিচাপে অধ্যয়ন আৰু চৰ্চা কৰিলে গুৰুজনা বিশ্বত উজ্বলি উঠিব, কাৰন তেওঁৰ দৰে প্ৰতিভা বিশ্বত বিৰল" বুলি মন্তব্য কৰে।

জুৰীয়া মহাবিদ্যালয়ৰ অধ্যাপিকা ড০ প্ৰাঞ্জুমনি শইকীয়া আৰু কন্ঠশিল্পী দীপান্বিতা গোস্বামীকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত জেষ্ঠ সাংবাদিক কনক হাজৰিকা, হেমেন দাস, ভাস্কৰ জ্যোতি মেধি, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য বিপিন বৰা, দিপুল শইকীয়া, হীৰন নাথ, ধনীয়াভেটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰফিকুল ইছলাম, বৰদোৱা ইন্ধন এজেন্সীৰ পৰিচালক তুৰ্য্য জ্যোতি গায়ন, প্ৰশিক্ষণ লক্ষ্যজিৎ শইকীয়া, শিল্পী উপেন শইকীয়া, মুন ভূঞা, ৰাজীৱ মহন্ত, জগন্নাথ কলিতা, পূজা শইকীয়া, নিতুমনি দেৱী, বটদ্ৰৱা প্ৰেছ ক্লাৱৰ সভাপতি পদুম কলিতা, কাৰ্যকৰী সভাপতি মানিক বৰাকে আদি কৰি পাঁচ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সামৰণি অনুষ্ঠানটিৰ শেষৰ ফালে প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলে বৰগীত, মাটিৰ আখৰা, কৃষ্ণ নৃত্য, নাদুভংগী, চালি নাচ, গীতৰ নাচ আদি বিভিন্ন সত্ৰীয়া নৃত্যৰ অনুষ্ঠান পৰিবেশন কৰে।