/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/86f2c2d1-59d1-4ccc-b29f-3db05c90b62a/JIST 22.jpg)
জিষ্টৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীলৈ দীঘলীয়া অভিযোগ পত্ৰ বীৰ লাচিত সেনা, অসমৰ
ডিজিটেল ডেস্কঃ পূৰ্বৰ যোৰহাট বিজ্ঞান মহাবিদ্যালয় আৰু এতিয়াৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান চমুকৈ জিষ্টৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ অতনু কুমাৰ দত্তৰ বিৰুদ্ধে উত্থাপন হোৱা বিত্তীয় অনিয়ম, দুৰ্নীতি, প্ৰশাসনীয় অনিয়নৰ এক দীঘলীয়া তালিকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰি বীৰ লাচিত সেনা, অসমে এক উচ্চস্তৰীয় সমিতিৰ দ্বাৰা তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে। উজনি অসমৰে নহয়, সমগ্ৰ অসমৰে এক অতি গুৰুত্বপূৰ্ণ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হোৱা জিষ্টৰ ভাৰপ্ৰাপ্ত অধক্ষ ড০ অতনু কুমাৰ দত্তৰ বিৰুদ্ধে উত্থাপিত হোৱা এই অভিযোগৰ তালিকাই উজনি অসমৰ শৈক্ষিক মহলত এক প্ৰকাৰে আলোড়নৰ সৃষ্টি কৰিছে।
উল্লেখ্য যে, ১৯৭১ চনতে স্থাপন হোৱা যোৰহাট বিজ্ঞান মহাবিদ্যালয়ে ২০০৮ চনত জিষ্টলৈ ৰূপান্তৰ হৈছিল। এই শিক্ষানুষ্ঠানখনত অভিযান্ত্ৰিক শাখাৰ স্নাতক মহলাৰ পাঠ্যক্ৰম আৰু বিজ্ঞান শাখাৰ স্নাতক, স্নাতকোত্তৰ আৰু পি এইছ ডি পাঠ্যক্ৰম চলি আছে। এনে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক প্ৰতিষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব বহন কৰি থকা ড০ অতনু কুমাৰ দত্তই দীৰ্ঘদিনে দুৰ্নীতি, অনিয়ম, স্বজন-তোষণ আৰু অসৎ উদ্দেশ্যপ্ৰণোদিত কৰ্মকাণ্ডত লিপ্ত হোৱাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপন হৈ আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fff0a5e8-d5c5-4b1f-9302-57a781fa2824/principal-atanudutta.jpg)
এনে প্ৰেক্ষাপটতে বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক পত্ৰ প্ৰেৰণ কৰি কয় যে, ''শিক্ষানুষ্ঠানখনত চূড়ান্ত বিত্তীয় অনিয়ম, চৰকাৰী নিৰ্দেশনা শিক্ষক-কৰ্মচাৰীৰ পৰা গোপনে ৰাখি অনিয়ম আৰু দুৰ্নীতি সংঘটিত কৰাৰ দুৰ্বাৰ হেঁপাহ আৰু নীতি-নিৰ্দেশনাৰ বিকৃত ব্যাখ্যা দি শিক্ষক-কৰ্মচাৰীক বিশেষকৈ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অস্থায়ী কৰ্মচাৰীক হাৰাশাস্তি কৰা মোনভাৱ- এইসকলো ধৰণৰ ধাৰাবাহিকভাৱে সংঘটিত ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি এক উচ্চ স্তৰীয় তদন্ত সমিতি গঠন কৰি ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ কৰ্মকাণ্ডৰ অনুসন্ধান কৰাৰ দাবী জনাইছোঁ।''
লগতে সংগঠনটোৱে অসম চৰকাৰৰ উচ্চ শিক্ষাৰ কাৰিকৰী সঞ্চালকে দত্তৰ বিৰুদ্ধে গঠন কৰা তদন্ত সমিতিক অতি দুৰ্বল, সন্দেহজনক আৰু অপেছাদাৰী আখ্যাৰে এই তদন্ত সমিতিৰ তীব্ৰ বিৰোধিতা কৰিছে। কিয়নো এই সমিতিৰ সদস্যসকল ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ অতনু কুমাৰ দত্তৰ দীৰ্ঘদিনীয়া সহকৰ্মী শিক্ষক, বন্ধু-বান্ধৱী আৰু তেওঁৰ এনে গুৰুতৰ আৰু জটিল বিষয়ৰ অনুসন্ধান কৰাৰ দক্ষতা পাৰদৰ্শিতা নাই।
স্মৰ্তব্য বীৰ লাচিত সেনাই ভাৰপ্ৰাপ্ত অধ্যক্ষ অতনু কুমাৰ দত্তৰ বিৰুদ্ধে মুঠ ১৩ টা অতি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
বীৰ লাচিত সেনাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা সেই দীঘলীয়া অভিযোগপত্ৰখনঃ