/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nayanmoni-1.jpg)
ডিজিটেল ডেস্কঃ কমনৱেলথ গেমছত পুনৰ আন এক সফলতাৰ দিশে ভাৰত। দেওঁবাৰে কমনৱেলথ গেমছত নৰফোক দ্বীপক পৰাস্ত কৰি ভাৰতীয় মহিলা দলটোৱে লন বল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতীয় মহিলা দলটোত আছে অসমৰ নয়নমণি শইকীয়াও (তৃতীয়)। আনহাতে আন ৩ গৰাকী সদস্য ক্ৰমে লাভলী চৌবে (লীড), পিংকি (দ্বিতীয়) আৰু ৰূপা ৰাণী তিৰ্কী (স্কিপ)।
ভাৰতীয় দলটোৱে কোৱাৰ্টাৰ ফাইনেলত নৰফোক দ্বীপক ১৭-৯ ব্যৱধানত পৰাস্ত কৰি এই সফলতা লাভ কৰিছে। দলটোৱে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে ছেমিফাইনেলত অৱতীৰ্ণ হ'ব।