/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-09/vkxck9xv/5.jpg)
ডিজিটেল সংবাদ,চিৰাং: নামনি অসমৰ ভিতৰত চিৰাং বাসুগাঁও চহৰৰ দুৰ্গা পূজাৰ এটা সুকীয়া সুনাম আছে। বাসুগাঁও চহৰৰ দুৰ্গা পূজা মণ্ডপ সমূহৰ আন এটা বিশেষত্ব হৈছে যে ইয়াৰ পূজা মণ্ডপ সমূহ লাখ লাখ টকা খৰছ কৰি বহিঃৰাজ্যৰ পৰা শিল্পী মাতি অনাৰ বিপৰীতে স্থানীয় শিল্পী সকলে নিজেই আকৰ্ষণীয় পূজা মণ্ডপ নিৰ্মাণ কৰে। এই পূজা মণ্ডপ সমূহ দৰ্শন কৰিবলৈ প্ৰতিবছৰে চিৰাং জিলাৰ উপৰি বিভিন্ন ঠাইৰ পৰা অগণন দৰ্শনাৰ্থীৰ ভীৰ হোৱা পৰিলক্ষিত হয়।
এই বছৰ বাসুগাঁও চহৰত ২০ খন সাৰ্বজনীন আৰু ২ খন ব্যক্তিগত পূজা মিলি মুঠ ২২ খন পূজা অনুষ্ঠিত হব। এই বছৰ প্ৰতিকূল বতৰৰ মাজতো বাসুগাঁৱত কেইবাখনো পূজা সমিতিয়ে পৰম্পৰা ৰক্ষা কৰি আটকধুনীয়া পূজা মণ্ডপ সাজি উলিয়াইছে। বৃহস্পতিবাৰে মহাসপ্তমী পূজাৰ দিনটোত বাসুগাঁৱৰ দুৰ্গা পূজা মণ্ডপ দৰ্শন কৰিবলৈ আহিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
বাসুগাঁৱৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী এগৰাকী দুৰ্গাপূজা দৰ্শন কৰিব। ইয়াকে লৈ পূজা সমিতি বোৰৰ লগতে বাসুগাঁওবাসী ৰাইজৰ মাজত ব্যাপক উৎসুকতা দেখিবলৈ পোৱা গৈছে। বাসুগাঁৱৰ দুৰ্গা পূজাত মুখ্যমন্ত্ৰীৰ ভ্ৰমণ কাৰ্য্যসূচী চূড়ান্ত হোৱাৰ পিছত জিলা প্ৰশাসনৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। তদুপৰি মুখ্যমন্ত্ৰী গৰাকী বাসুগাঁও চহৰত থকা সময়ছোৱাত সাধাৰণ জনতাৰ যানবাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু বাধ্যতামূলক কৰা হব পাৰে বুলি জিলা প্ৰশাসনৰ সদৰি কৰা হৈছে।
জিলা প্ৰশাসনৰ পৰা সদৰি কৰা মতে কাইলৈ বিয়লি ৩বজাত কোকৰাঝাৰৰ পৰা পোনে পোনে বাসুগাঁও চহৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই প্ৰথমতে থানা ৰোড থুৰিবাৰী দুৰ্গা পূজা মণ্ডপত উপস্থিত হব তাৰ পিছত শতবৰ্ষ গৰকা ঐতিহাসিক বাসুগাঁও বাৰোৱাৰী দুৰ্গাপূজা মণ্ডপত দৰ্শন কৰি বাসুগাঁও বিটিচি ৰোড সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ স্থলীত হৈ মা দেবী দুৰ্গাৰ আশীৰ্বাদ গ্ৰহণ কৰিব বুলি সদৰি কৰা হৈছে ।
তাৰে ভিতৰত বাসুগাঁও টাউন ক্লাৱ দুৰ্গা পূজা সমিতিয়ে দেশ কপাই যোৱা পশ্চিমবংগৰ কলকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ অধ্যয়নৰত এগৰাকী চিকিৎসক ছাত্ৰীক নৃশংস যৌন নিৰ্যাতন চলাই হত্যা ঘটনাৰ প্ৰতিবাদত "নাৰীজনিত হত্যা- হিংসা বন্ধ কৰক" বিষয় হিচাপে লৈ তিলোত্তমা নামেৰে আকৰ্ষণীয় পূজা মণ্ডপ সাজি উলিয়াইছে, বাসুগাঁও গো-হাট পূজা সমিতিয়ে তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষ হিচাপে স্থানীয় শিল্পী মিঠুন সৰকাৰে এটা প্ৰকাণ্ড আকাৰৰ জালত এটা মকৰা বহি থকাৰ আটকধুনীয়া পূজা মণ্ডপ নিৰ্মাণ কৰিছে।
আনফালে প্ৰতিবছৰে অগতানুগতিক ধৰণে পূজা মণ্ডপ নিৰ্মাণ কৰি দৰ্শনাৰ্থীক আকৰ্ষিত কৰা থানাৰোড থুৰিবাৰী পূজা সমিতিয়ে প্ৰতিকূল বতৰৰ মাজতে দিনে ৰাতি কাম কৰি প্ৰকাণ্ড আকাৰৰ দেবী দুৰ্গাৰ মুখমণ্ডল বনাই পূজা মণ্ডপ সাজি উলিয়াইছে। তদুপৰি সুভাষনগৰ, বিটিচি ৰোড , পশ্চিম গোগলাপাৰা, ষ্টেচন ৰোড, বিবেকানন্দ ক্লাব, তৰুণ সংঘ, কলেজ ৰোড, ভুটিয়াপাৰা আদি পূজা সমিতি বোৰে নিজৰ সাধ্য অনুসৰি আকৰ্ষণীয় পূজা মণ্ডপ সাজি উলিয়াই আলোক সজ্জাৰে সজ্জিত কৰি তুলিছে। যিবোৰ পূজা মণ্ডপে অন্যান্য বছৰৰ ধৰে এইবেলিও দৰ্শনাৰ্থীক আকৰ্ষিত কৰিব ভবা হৈছে ।
Also Read: মনোজ ধানোৱাৰ-ৰাজেশ শৰ্মাই বিজেপিৰ বি টীম হিচাপে কাম কৰা অভিযোগ সম্পূৰ্ণ প্ৰৰোচনামূলকঃ আপ