/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/09/agrani-batory-2.jpg)
ডিজিটেল ডেস্কঃ উত্তৰ গুৱাহাটীত অনুষ্ঠিত হৈছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা। দুদিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যনিৰ্বাহকত আগন্তুক উপ নিৰ্বাচনৰ সন্দৰ্ভত শাসকীয় দলটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। বোকাখাতত গঁড়ৰ খৰ্গ দাহন কাৰ্যসূচীত অংশ লৈ উত্তৰ গুৱাহাটীত উপস্থিত হয়হি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দলটোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ প্ৰায় সকল সদস্য উপস্থিত আছে এই কাৰ্যনিৰ্বাহক বৈঠকত।
শেহতীয়াকৈ চৰ্চিত বিপিএফৰ সৈতে বিজেপিৰ মিত্ৰতা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা আছে এই বৈঠকত। উল্লেখ্য যে, বিপিএফৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইতিমধ্যে বিজেপিলৈ বন্ধুত্বৰ হাত আগবঢ়াইছে। আনুষ্ঠানিকভাৱে ৰাজ্যিক বিজেপিৰ নেতৃত্বই এই সন্দৰ্ভত এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰিলেও এই বৈঠকতে পূৰ্বে মিত্ৰতাত থকা বিপিএফ সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব পাৰে বুলি বিজেপিৰে এক শীৰ্ষ সূত্ৰত প্ৰকাশ।