/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/12/mmch-19.jpg)
ডিজিটেল ডেস্কঃ কোভিডৰ নতুন প্ৰকাৰ অমিক্ৰনক লৈ চিন্তিত কেন্দ্ৰ। অমিক্ৰনৰ সংক্ৰমন হ্ৰাস কৰিবলৈ কেন্দ্ৰই জাৰি কৰিছে বিশেষ এছ অ' পি। অসম চৰকাৰেও অমিক্ৰনক লৈ নিজা ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ মাজতে চৰ্চা চলিছে অমিক্ৰনৰ নতুন এছ অ' পি আহিব নেকি? নতুন এছ অ' পিক কেন্দ্ৰ কৰি চলি থকা এই চৰ্চাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ খুলিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নিশা জি এম চি এইছ ভ্ৰমণ কৰাৰ সময়ত এই বিষয়ে মন্তব্য কৰিছে। তেওঁ কয়, অনিক্ৰনৰ বাবে ভাৰত চৰকাৰে জাৰি কৰা এছ অ' পিকেই পালন কৰা হ'ব। নতুন এছ অ' পিৰ কথা চিন্তা কৰা হোৱা নাই। অমিক্ৰন আহিলে আমি নতুন এছ অ' পিৰ কথা চিন্তা কৰিম।
তেওঁ অসমৰ জনসাধাৰণক এনেই ভয় নকৰিবলৈ আহ্বান জনাই কয় যে, কোভিডৰ চিকিৎসা চলি থাকিব। ভেকচিন নোলাৱা লোকৰ বাবে থাকিব কিছু নীতি-নিয়ম। উল্লেখ্য যে শনিবাৰে নিশা জি এম চি এইছ ভ্ৰমণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খনৰ বিভিন্ন দিশৰ ওপৰত বুজ লয়।
জি এম চি এইছৰ অধীক্ষক আৰু অধ্যক্ষক লৈ চিকিৎসালয়খন পৰিদৰ্শন কৰি ৰোগীৰ সৈতেও বাৰ্তালাপ কৰে। ইয়াৰ পিছতে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১ জানুৱাৰীৰ পৰা বন্ধ হ'ব এম এম চি এইছ। ইয়াৰ পৰিৱৰ্তে দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ কাম আৰম্ভ হ'ব।
ইয়াৰোপৰি তেওঁ কয় যে, পাণ্ডু আৰু ধীৰেনপাৰাৰ হাস্পতালত জি এম চি এইছৰ অধীনত আনি ৰোগীৰ চিকিৎসা বুলি প্ৰকাশ কৰে। আনহাতে জি এম চিৰ চিকিৎসকে কৰ্তব্যৰ সময়ত ব্যক্তিগত নাৰ্ছিং হোমত চিকিৎসা প্ৰদান কৰাৰ বিষয়ে তেওঁ অভিযোগ লাভ কৰিছে। এই সন্দৰ্ভত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰিছে।